বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিব। ওড়িশাৰ কান্ধামাল জিলাৰ ফুলবানীত আজি পুৱা এখন নির্বাচনী সমাবেশত ভাষণ দি শ্রী মোদীয়ে কয় যে, বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই এই নিৰ্বাচনত ৪০০ খনতকৈও অধিক লোকসভা আসনত জয়ী হ’ব আৰু কংগ্ৰেছে কেৱল ৫০ খন আসনতহে জয়লাভ কৰিব পাৰিব। তেওঁ কয় যে, কংগ্ৰেছৰ দুৰ্বল ভাবধাৰাৰ বাবেই জম্মু- কাশ্মীৰৰ জনসাধাৰণে দশক দশক জুৰি সংগ্ৰাম কৰি থাকিব লগা হৈছে। তেওঁ কয় যে, ভাৰতে কেতিয়াও কংগ্ৰেছৰ শাসনৰ সময়ত হোৱা সন্ত্ৰাসবাদীৰ সঘন আক্রমণসমূহক পাহৰিব নোৱাৰে, যি সময়ত কংগ্ৰেছ নেতাসকলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে উঠা-বহা কৰিছিল। শ্রী মোদীয়ে লগতে কয় যে, ভোট বেংকত প্ৰভাৱ পৰাৰ আশংকাত কংগ্ৰেছে ২৬–১১ আক্ৰমণৰ ঘটনাৰ কোনো তদন্ত নকৰিলে। শ্ৰী মোদীয়ে ওড়িশাৰ মুখ্যমন্ত্ৰী আৰু বি জে ডিৰ মুৰববী নবীন পাটনায়ক আৰু তেওঁৰ চৰকাৰকো পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ চাবি হেৰোৱা ঘটনা সন্দৰ্ভত কঠোৰভাৱে সমালোচনা কৰে। ওড়িশাত এবাৰ বিজেপি চৰকাৰ শাসনলৈ আহিলে ৰত্ন ভাণ্ডাৰৰ পৱিত্ৰতা নিশ্চিত হ’ব বুলিও তেওঁ কয়। দুদিনীয়া কাৰ্যসূচীৰে ওড়িশালৈ যোৱা প্ৰধানমন্ত্ৰীয়ে বালনগিৰ আৰু বাগড় সংসদীয় সমষ্টিটো আজি দুপৰীয়া আন দুখন ৰাজহুৱা সভাত ভাষণ দিব।
Assamese | May 11, 2024 2:26 PM | BJP | Congress | ECI LOKSABHA ELECTION | Lok Sabha Elections 2024 | Modi | narendra modi | PM Modi | Political
কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিবঃ মোদী