প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, নির্বাচন আয়োগ বিশ্বৰ বাবে বিস্ময়কৰ সংস্থা। দিল্লীৰ এটা সংবাদ গোষ্ঠীক কালি দিয়া সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে, বিশ্বৰ সন্মুখত নিজৰ নিদৰ্শনমূলক কামসমূহ দাঙি ধৰাটো তেওঁৰ চৰকাৰৰ দায়িত্ব। তেওঁ কয় যে, গণতন্ত্রত নির্বাচনক অকল জয়-পৰাজয়ৰে পৰিভাষিত কৰা উচিত নহয়। নির্বাচনে কোনো ধৰণৰ বিচ্যুতি অবিহনে জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ দলৰ বাৰ্তা ভগাই লোৱাৰ সুযোগ প্ৰদান কৰে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। কংগ্ৰেছক সমালোচনা কৰি শ্ৰীমোদীয়ে কয় যে, দলটোৰ বাবে ক্ষমতাত থকাটোৱে গণতন্ত্ৰৰ অৰ্থ । তেওঁ লগতে কংগ্ৰেছ দলৰ সদস্যসকল গান্ধী পৰিয়ালৰ উত্তৰাধিকাৰৰ বোজাত পোত খাই আছে বুলি মন্তব্য কৰে।
Assamese | May 17, 2024 12:36 PM | PM Modi
নির্বাচন আয়োগ বিশ্বৰ বাবে বিস্ময়কৰ সংস্থা বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ