প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাপুৱা নিউগিনিত সংঘটিত হোৱা ভয়াৱহ ভূমি স্খলনৰ ফলত কেইবাজনো লোক নিহত হোৱাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰী মোদীয়ে কৈছে যে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহলৈ ভাৰতে সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনাৰ বাবে প্ৰাৰ্থনা জনাইছে। ভাৰতে সম্ভৱপৰ সকলো সহায় আৰু সহযোগিতা আগবঢ়াবলৈ সাজু হৈ আছে বুলিও প্রধানমন্ত্ৰীগৰাকীয়ে বাৰ্তাটোত উল্লেখ কৰে।
Assamese | May 28, 2024 4:23 PM | India | PM | PM Modi | PM Narendra Modi
পাপুৱা নিউগিনিত ভূমিস্খলনৰ ফলত কেইবাজনো লোক নিহত হোৱাক লৈ প্রধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ