দেশৰ বিভিন্ন ঠাইত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি পশ্চিমবংগৰ হুগলীত অনুষ্ঠিত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি অনুসূচিত জনজাতি উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ দিনত বাজেট বৃদ্ধি কৰা বুলি দাবী কৰে। ইয়াৰ পূৰ্বে শ্রীমোদীয়ে বাৰাকপুৰৰ জগতদলত দুখন নির্বাচনী সভাত ভাগ লয়। উত্তৰ প্ৰদেশতো কালি ভিন ভিন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতা আৰু তাৰকা প্ৰচাৰকসকলে দলীয় প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলায়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি বাৰাণসীত দলৰ মিডিয়া কেন্দ্ৰ মুকলি কৰে। তেওঁ লগতে বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোড শ্ব’ৰ প্ৰস্তুতিৰ বুজ লয়। ইপিনে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী বাড়াই কালি হৰচান্দপুৰৰ পৰা ৰায়বৰেলী সমষ্টিত প্ৰচাৰ অভিযান আৰম্ভ কৰে। তেওঁ কয় যে, ৰায়বৰেলীত যি উন্নয়ন হৈছে সেয়া কংগ্ৰেছৰ বাবেই হৈছে। আনহাতে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে কালি বাৰাবাংকিত আই এন ডি আই মিত্ৰজোঁটৰ প্রার্থী তনুজ পুনিয়াৰ হকে প্ৰচাৰ চলায়। পাছত তেওঁ মোহনলালগঞ্জ আৰু লক্ষ্ণৌ সমষ্টিত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে।
Assamese | May 13, 2024 10:51 AM | Lok Sabha Election | PM Modi
দেশৰ বিভিন্ন ঠাইত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত