May 10, 2024 7:48 PM
47
দেশত লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ৰ ব্যাপক প্ৰচাৰ অভিযান
লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্য্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্য্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। নির্বাচনী প্ৰচাৰৰ সামৰণিৰ এদিন পূৰ্বে আজি বিজেপি, কংগ্ৰেছ, তৃণমূল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ মেহবুবনগৰ লোকসভা সমষ্টিৰ নাৰায়ণপেটত এখন নির্বাচনী সভাত ভা...