বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে বিহাৰলৈ যাব। আজি সন্ধিয়া শ্রীমোদী পাটনাত উপস্থিত হৈ দুটা পৃথক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাজধানী চহৰখনত উপস্থিত হোৱাৰ পাছত তেওঁ পাটনাব ৰাজেন্দ্ৰ নগৰত জ্যেষ্ঠ বিজেপি নেতা প্রয়াত সুশীল কুমাৰ মোদীৰ বাসভৱনলৈ গৈ তেওঁৰ প্ৰতি শ্রদ্ধা তর্পণ কৰিব। সূত্রসমূহে প্রকাশ কৰা মতে শ্রীমোদীয়ে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ গৈ দলীয় নেতা-কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা আছে। কাইলৈ তেওঁ চিৱান সংসদীয় সমষ্টিৰ পূব চাম্পাৰণ আৰু গোৰীয়াকোঠিত এন ডি এ প্ৰাৰ্থীসকলৰ সমৰ্থনত দুখন জনসভাক সম্বোধন কৰিব ৷
Assamese | May 20, 2024 12:55 PM | PM Modi
দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি বিহাৰলৈ ৰাওনা