বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছে যে জম্মু-কাশ্মীৰত বিপুল হাৰত ভোটদান হৈছে আৰু এয়া গণতন্ত্ৰৰ মাপকাঠি ৰূপে পৰিগণিত হৈছে। ব্যক্তিগত নিউজ চেনেলক দিয়া এটা সাক্ষাৎকাৰত শ্ৰীমোডীয়ে কয় যে কাশ্মীৰত ভোটদানৰ হাৰে বিগত ৩০-৪০ বছৰৰ অভিলেখ ভংগ কৰিছে । মুদ্রাস্ফীতি সন্দৰ্ভত মত প্রকাশ কৰি শ্ৰীমোডীয়ে ভাৰতত আন দেশৰ তুলনাত মুদ্রাস্ফীতি নিয়ন্ত্ৰণত আছে বুলি দাবী কৰে। তেওঁ কয় যে বৰ্তমান ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধৰ বাবে খাদ্য, ইন্ধন আৰু সাৰৰ মূল্যৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰিছে। তেওঁ কয় যে অন্য দেশৰ খেতিয়কে প্রতি বস্তাত ৩ হাজাৰ দৰত ইউৰিয়া লাভ কৰি আছে, কিন্তু ভাৰতৰ খেতিয়কসকলে ইয়াৰ বাবদ মাত্র ৩শ টকা ভৰিবলগীয়া হৈছে।
Assamese | May 22, 2024 9:52 AM | PM Modi
জম্মু-কাশ্মীৰত বিপুল হাৰত ভোটদান হৈছে : প্রধানমন্ত্ৰী