December 1, 2024 6:59 PM
53
এইডছ আই ভি আক্রান্ত লোকসকলৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাৰ আহ্বান
এইডছ আই ভি আক্রান্ত লোকসকলৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাই আজি মধ্যপ্রদেশত আয়োজিত বিশ্ব এইডছ দিৱসৰ অনুষ্ঠানত আহ্বান জনায়। ইন্দোৰত আয়োজিত এই অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইডছ আই ভি আক্রান্ত লোকসকলৰ মানৱ অধিকাৰৰ সুৰক্ষা প্ৰদান কৰা বিষয়তে গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে এইডছ আই ভি সুৰক্ষা আইন ২০১৭ ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এই লোকসকলৰ সৈতে হোৱা বৈষম্য দূৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্রধানমন্ত্ৰী নৰে...