December 20, 2024 8:21 PM

views 52

সমগ্ৰ দেশত সাৰৰ পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিছে : মন্ত্ৰী জে পি নাড্ডা

২০২৪ খাৰিফ বৰ্ষ আৰু চলিত ৰবি বৰ্ষত সাৰ বিভাগে সমগ্ৰ দেশত সাৰৰ পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত ৰসায়ন আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাই এই কথা প্ৰকাশ কৰে । তেওঁ কয় যে অনলাইন ৱেব আধাৰিত সংহত সাৰ নিৰীক্ষণ প্ৰণালীৰ জৰিয়তে সমগ্ৰ দেশত ৰেহাই মূল্যত যোগান ধৰা গুৰুত্বপূৰ্ণ সাৰৰ সৰবৰাহ নিৰীক্ষণ কৰি থকা হৈছে। তেওঁ আৰু কয়, যে ৰাজ্যসমূহৰ কৃষি বিষয়াসকলৰ সৈতে কৃষি আৰু কৃষক কল্যাণ বিভাগ আৰু সাৰ বিভাগে নিয়মিতভাৱে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হৈ আছে। বিগত পাঁচ বছৰত কোনো ...

December 1, 2024 6:59 PM

views 62

এইডছ আই ভি আক্রান্ত লোকসকলৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাৰ আহ্বান

এইডছ আই ভি আক্রান্ত লোকসকলৰ প্ৰতি সহমর্মিতা প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্রকাশ নাড্ডাই আজি মধ্যপ্রদেশত আয়োজিত বিশ্ব এইডছ দিৱসৰ অনুষ্ঠানত আহ্বান জনায়। ইন্দোৰত আয়োজিত এই অনুষ্ঠানত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইডছ আই ভি আক্রান্ত লোকসকলৰ মানৱ অধিকাৰৰ সুৰক্ষা প্ৰদান কৰা বিষয়তে গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, যে এইডছ আই ভি সুৰক্ষা আইন ২০১৭ ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে এই লোকসকলৰ সৈতে হোৱা বৈষম্য দূৰ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্রধানমন্ত্ৰী নৰে...

October 15, 2024 8:32 PM

views 53

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে বেইজণ্ট পাণ্ডাক নিৰ্বাচন প্ৰভাৰী নিয়োগ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আসন্ন দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় উপ-সভাপতি বেইজণ্ট পাণ্ডাক ৰাজ্যখনৰ নিৰ্বাচন প্ৰভাৰী হিচাপে নিয়োগ কৰিছে। সাংসদ অতুল গাৰ্গক বিধানসভা নিৰ্বাচনৰ বাবে সহকাৰী প্ৰভাৰী হিচাপে নিযুক্তি দিয়া হৈছে।

September 17, 2024 8:21 PM

views 52

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত সেৱা পষেকৰ অধীনত ৰক্তদান শিবিৰ মুকলি

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত সেৱা পষেকৰ অধীনত ৰক্তদান শিবিৰ মুকলি কৰে। শ্ৰীনাড্ডাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে তেওঁৰ জীৱনৰ ওপৰত আধাৰিত এখন প্রদর্শনীও মুকলি কৰে। এই উপলক্ষে শ্ৰীনাড্ডাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় দুখীয়া, উপান্ত শ্রেণী, দলিত, যুৱ প্ৰজন্ম আৰু খেতিয়কসকলৰ বাবে কাম কৰি আহিছে আৰু তেওঁলোকৰ জীৱনৰ উন্নয়নৰ হকে চেষ্টা চলাই আহিছে।

September 6, 2024 1:10 PM

views 59

দুদিনীয়া ভ্রমণসূচীৰে আজি বিহাৰলৈ যাত্ৰা জে পি নাড্ডাৰ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি দুদিনীয়া ভ্রমণসূচীৰে বিহাৰলৈ যাব। ভ্ৰমণৰ সময়ছোৱাত শ্ৰীনাড্ডাই অহা বছৰ হ'বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পাৰ্টনাত দলৰ নেতা-কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকৰ পূৰ্বে তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰিব। পাছত তেওঁ ইন্দিৰা গান্ধী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ যাব আৰু প্ৰতিষ্ঠানখনৰ নতুন সা-সুবিধা মুকলি কৰিব। শ্ৰীনাড্ডাৰ এই দুদিনীয়া ভ্ৰমণৰ সময়ছোৱাত স্বাস্থ্য সেৱাৰ আন...

August 28, 2024 10:11 AM

views 59

আৰক্ষীৰ ব্যৱস্থাক লৈ পশ্চিম বংগ চৰকাৰক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা তীব্র সমালোচনা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কলকাতাত প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে লোৱা ব্যৱস্থাক লৈ পশ্চিম বংগ চৰকাৰক তীব্র সমালোচনা কৰিছে। শ্ৰীনাড্ডাই কালি সামাজিক মাধ্যমযোগে কয় যে কলকাতাত আৰক্ষীয়ে বলপূর্বকভাৱে ক্ষমতা প্রদর্শন কৰাৰ ছবিয়ে গণতান্ত্ৰিক প্ৰমূল্যৰাজিক সন্মান কৰা প্ৰতিগৰাকী ব্যক্তিক ক্ষোভিত কৰি তুলিছে। তেওঁ লগতে মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ শাসন কালত মহিলাৰ সুৰক্ষাৰ বিষয়ে কোৱাটো অপৰাধ নেকি বুলি আশ্চৰ্য প্ৰকাশ কৰিছে। বিজেপিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াইও কলকাতাৰ এগৰাকী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ...

July 24, 2024 10:27 AM

views 59

এন ডি এৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটৰ ওপৰত স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ মন্তব্য

কেন্দ্রীয় স্বাস্থ্যমন্ত্রী তথা বিজেপিৰ সভাপতি জে পি নাড্ডাই কয় যে নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটে ভাৰতৰ সৰ্বাংগীন বৃদ্ধি, বহনক্ষম উন্নয়ন আৰু অর্থনৈতিক স্থিতিস্থাপকতাৰ প্ৰমাণ হিচাপে থিয় দিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী নাড্ডাই কয় যে এই দূৰদৰ্শী বাজেটে দেশৰ তাৎক্ষণিক প্ৰয়োজনীয়তাক পুৰণ কৰাৰ লগতে দীৰ্ঘম্যাদী সমৃদ্ধিৰ বাবেও এক শক্তিশালী পৰিকাঠামো নিৰ্মাণ কৰিছে। তেওঁ কয় যে বাজেটত আন্তঃগাঁথনি উন্নয়ন, প্রযুক্তিগত উদ্ভাৱন আৰু সমাজ কল্যাণকো অগ্ৰাধিক...

June 25, 2024 12:42 PM

views 61

দিল্লীত STOP DIARRHOEA শীর্ষক বিশেষ অভিযান মুকলি

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কালি দিল্লীত আয়োজিত এটা অনুষ্ঠানত STOP DIARRHOEA শীর্ষক এটা বিশেষ অভিযান মুকলি কৰে। স্বাস্থ্য ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেল আৰু প্ৰতাপৰাও যাধবৰ উপস্থিতিত শ্রী নাড্ডাই শিশুসকলৰ মাজত অ' আৰ এছ আৰু জিংক টেবলেট বিতৰণ কৰি এই অভিযানৰ মুকলি কৰে। অহা পহিলা জুলাইৰ পৰা দুমাহ জোৰা এই অভিযান আৰম্ভ হ'ব আৰু ৩১ আগষ্টত ইয়াৰ সামৰণি পৰিব। ডায়েৰীয়াৰ ফলত যাতে কোনো শিশুৰ মৃত্যু নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই অভিযান মুকলি কৰা হৈছে। এই উপলক্ষে আয়োজি...

June 23, 2024 8:55 PM

views 64

ড° শ্যামা প্রসাদ মুখাৰ্জীৰ মৃত্যু বার্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ শ্ৰদ্ধাৰ্ঘ্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি ড০ শ্যামা প্রসাদ মুখাৰ্জীৰ শ্বহীদ দিৱস উপলক্ষে বিশিষ্ট চিন্তাবিদ তথা শিক্ষাবিদগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। শ্রীমোডীয়ে সামাজিক মাধ্যমযোগে কৈছে যে ড০ মুখার্জীয়ে তেওঁৰ সমগ্ৰ জীৱন ভাৰত মাতৃৰ সেৱাৰ নামত উসৰ্গা কৰি থৈ গৈছে। প্রধানমন্ত্ৰীয়ে লগতে ড০ মুখাৰ্জীৰ গতিশীল ব্যক্তিত্বই দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ড° শ্যামা প্রসাদ মুখাৰ্জীৰ মৃত্যু বার্ষিকী উপলক্ষে পুষ্পঞ্জলি অ...

June 19, 2024 9:16 PM

views 49

দেশৰ ভালেমান অংশত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপৰ ওপৰত মন্ত্রী জে পি নাড্ডাৰ পৰ্যালোচনা

দেশৰ ভালেমান অংশত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপলৈ চাই কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি গ্রীষ্ম প্ৰবাহজনিত পৰিস্থিতি আৰু কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায় আৰু চিকিৎসালয়সমূহক গ্রীষ্ম প্রবাহৰ ফলত হোৱা ৰোগৰ চিকিৎ‍সাৰ বাবে বিশেষ গোটৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বিষয়াসকলক সকলো চিকিৎসালয়ত প্ৰভাৱিতসকলৰ বাবে সর্বোৎকৃষ্ট চিকিৎ‍সাৰ সুনিশ্চিত কৰিবলৈ কয়। সূত্ৰৰ পৰা জানিব পৰা মতে, স্বাস্থ্য মন্ত্ৰালয়ে বিশেষকৈ উত্তৰ ভাৰতত অব্যাহত থকা গ্ৰীষ্ম প্রবাহৰ প্রভাবলৈ...