২০২৪ খাৰিফ বৰ্ষ আৰু চলিত ৰবি বৰ্ষত সাৰ বিভাগে সমগ্ৰ দেশত সাৰৰ পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিছে। লোকসভাত আজি এটা লিখিত উত্তৰত ৰসায়ন আৰু সাৰ মন্ত্ৰী জে পি নাড্ডাই এই কথা প্ৰকাশ কৰে । তেওঁ কয় যে অনলাইন ৱেব আধাৰিত সংহত সাৰ নিৰীক্ষণ প্ৰণালীৰ জৰিয়তে সমগ্ৰ দেশত ৰেহাই মূল্যত যোগান ধৰা গুৰুত্বপূৰ্ণ সাৰৰ সৰবৰাহ নিৰীক্ষণ কৰি থকা হৈছে। তেওঁ আৰু কয়, যে ৰাজ্যসমূহৰ কৃষি বিষয়াসকলৰ সৈতে কৃষি আৰু কৃষক কল্যাণ বিভাগ আৰু সাৰ বিভাগে নিয়মিতভাৱে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হৈ আছে। বিগত পাঁচ বছৰত কোনো এখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কীটনাশকৰ নাটনি হোৱাৰ বাতৰি পোৱা হোৱা নাই বুলি তেওঁ লগতে জানিবলৈ দিয়ে। তেওঁ আৰু কয়, যে ইউৰিয়া, ডি এ পি আদিৰ লেখিয়া সাৰৰ ৰপ্তানি ক্ষেত্ৰত ভাৰত স্বনিৰ্ভৰশীল হৈ উঠিছে।
Assamese | December 20, 2024 8:21 PM | J P Nadda
সমগ্ৰ দেশত সাৰৰ পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিছে : মন্ত্ৰী জে পি নাড্ডা