August 21, 2026 8:28 PM

views 12

দেশত এইচ ওৱান, এন ওৱান ইনফ্লুয়েঞ্জাৰ প্ৰস্তুতিৰ পৰ্যালোচনা মন্ত্রী জে পি নাড্ডাৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি ৰাষ্ট্ৰীয় ৰাজধানীক বিশেষ গুৰুত্ব দি দেশত চলি থকা পৰিস্থিতি আৰু এইচ ওৱান, এন ওৱান ইনফ্লুয়েঞ্জাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে জনোৱা মতে, শ্রীনাড্ডাই ৰাষ্ট্ৰীয় চোৰাংচোৱাগিৰি আৰু মহামাৰী বিজ্ঞানৰ পৰিস্থিতি, আই এল আই আৰু SARI ৰ প্ৰৱণতা পৰীক্ষা আৰু পৰীক্ষাগাৰৰ নিৰীক্ষণ আৰু ঋতুভিত্তিক ইনফ্লুয়েঞ্জাৰ ৰোগ ব্যৱস্থাপনাৰ বাবে স্বাস্থ্যসেৱাৰ প্রতিষ্ঠানসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। বৈঠকৰ সময়ত শ্রীনাড্ডাই ইনফ্লুয়েঞ্জাৰ...

August 4, 2026 6:36 PM

views 21

কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ কাইলৈ উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন

কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কাইলৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'ব। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল'ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে কাইলৈ নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতিৰ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভ...

June 29, 2026 8:46 PM

views 14

নতুন দিল্লীত আজি স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি কৰে। ভাৰতবৰ্ষৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাথনি শক্তিশালী কৰাৰ বাবে এই পদক্ষেপসমূহ হাতত লোৱা হৈছে। এই পদক্ষেপত আৰোগ্য সেতু ২.০, আয়ুষ্মান সাৰথি চাটবত, আয়ুষ্মান এপ, ই-শুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য দাবী বিনিময় আৰু স্বাস্থ্য খণ্ডৰ মানদণ্ডকে আদি কৰি বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হয়। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে স্বাস্থ্য সেৱাৰ সুবিধাসমূহৰ সম্প্ৰসাৰণ ঘট...

June 14, 2026 5:38 PM

views 22

দেশে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১২ বছৰত স্বাস্থ্য খণ্ডত চকুত লগা ধৰণৰ অগ্রগতি লাভ কৰা বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাৰ প্ৰকাশ

কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই দেশে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১২ বছৰত স্বাস্থ্য খণ্ডত চকুত লগা ধৰণৰ অগ্রগতি লাভ কৰা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান আৰোগ্য মন্দিৰৰ পৰা বিভিন্ন ডিজিটেল স্বাস্থ্য পৰিচৰ্যা উদ্যামসমূহে জনসাধাৰণৰ বাবে গুণগত স্বাস্থ্য সেৱা সুলভ কৰি তুলিছে। তেওঁ কয়, যে দেশত অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান এইমছৰ সংখ্যা ২৩লৈ বৃদ্ধি পাইছে। ই সঞ্জীৱনী, কোৱিন আৰু ইউ-ৱিনৰ ...

December 11, 2025 11:54 AM

views 58

যক্ষ্মা মুক্ত ভাৰত গঢ়ি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত গুজৰাটৰ সাংসদসকলৰ সৈতে জগত প্রসাদ নাড্ডাৰ বাৰ্তালাপ

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জগত প্রসাদ নাড্ডাই কালি যক্ষ্মা মুক্ত ভাৰত গঢ়ি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত গুজৰাটৰ সাংসদসকলৰ সৈতে বাৰ্তালাপ কৰে। সকলো স্তৰৰ লোকৰ অংশগ্রহণ, বিভিন্ন পদক্ষেপৰ সম্প্ৰসাৰণ আৰু সেই সমূহৰ অনুসৰণে যক্ষ্মা ৰোগৰ বিৰুদ্ধে দেশৰ যুঁজ কিদৰে তৃৰান্বিত কৰিছে, সেই সন্দৰ্ভত সাংসদসকলৰ সৈতে আলোচনা কৰা হয় বুলি সামাজিক মাধ্যমত লিখা এটা প'ষ্টত শ্রীনাড্ডাই উল্লেখ কৰে। নতুন দিল্লীত অনুষ্ঠিত বৈঠকৰ সময়ত সাংসদসকলে সমাজৰ সকলো সম্প্ৰদায়ৰ লোকৰ কাৰ্যকলাপ তীব্ৰতৰ কৰি ত...

December 4, 2025 11:57 AM

views 50

যক্ষ্মা নির্মূলৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা স্বাস্থ্যমন্ত্রীৰ

 কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে.পি নাড্ডাই যক্ষ্মা নির্মূলৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ প্ৰশংসা কৰিছে। ২০১৫ৰ পৰা ২০২৪ চনৰ ভিতৰত দেশত যক্ষ্মাৰ প্রাদুর্ভাব ২১ শতাংশ হ্রাস পাইছে আৰু সেয়া বিশ্বৰ হাৰৰ প্ৰায় দুগুণ বুলি তেওঁ উল্লেখ কৰে। নতুন দিল্লীত যক্ষ্মামুক্ত ভাৰতৰ বিষয়কলৈ মহাৰাষ্ট্ৰৰ সাংসদসকলৰ সৈতে কালি হোৱা এখন বৈঠকত শ্রীনাড্ডাই এই অভিযানত অগ্রণী ভূমিকা গ্ৰহণ কৰা বাবে মহাৰাষ্ট্ৰৰ প্রশংসা কৰে। মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে, ৯০ শতাংশ চিকিৎসাৰ সফলতাৰ হাৰেৰে ভাৰতে বিশ্ব গড় ৮৮ শতাংশ অতিক্ৰম কৰি সুস্থ ভৱিষ্য...

October 28, 2025 11:25 AM

views 95

মন্থা ঘূৰ্ণীবতাহত ক্ষতিগ্রস্ত অঞ্চলসমূহত সহায় আগবঢ়াবলৈ দলীয় গোটসমূহক নির্দেশ জে পি নাড্ডাৰ

■ মন্থা ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্রস্ত অঞ্চলসমূহত প্রয়োজনীয় সহায় আৰু সাহায্য আগবঢ়াবলৈ কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ সভাপতি জে পি নাড্ডাই দলীয় গোটসমূহক নির্দেশ দিছে। ক্ষতিগ্রস্ত অঞ্চলসমূহত স্থানীয় প্ৰশাসনৰ সৈতে সহযোগিতাৰে কাম কৰি সাহায্য-সামগ্ৰী আৰু স্বাস্থ্যসেৱা প্ৰদানৰ বাবে দলীয় কর্মকর্তাসকলক বিশেষ ভূমিকা গ্রহণ কৰিবলৈ শ্ৰীনাড্ডাই আহ্বান জনাইছে। তেওঁ লগতে ঘূর্ণীবতাহ প্ৰভাৱিত অঞ্চলসমূহৰ জনসাধাৰণক অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰাৰ লগতে তেওঁলোকৰ সুৰক্ষা আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিবলৈ প্ৰতিট...

October 17, 2025 12:48 PM

views 130

ব্ৰিটেইনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ঋষি সুনাকক সাক্ষাৎ জে পি নাড্ডাৰ

● কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ সভাপতি জগত প্রকাশ নাড্ডাই কালি নতুন দিল্লীত "ন' বিজেপি", অর্থাৎ 'বিজেপিক জানো আহক' পদক্ষেপৰ অধীনত ব্ৰিটেইনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ঋষি সুনাকক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীনাড্ডাই কয়, যে তেওঁলোকে ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰা আৰু তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা শক্তিশালী কৰাৰ বাবে প্ৰযুক্তিৰ লাভ গ্ৰহণ কৰিবলৈ ভাৰতে কৰা প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে। শ্ৰীনাড্ডাই কয়, যে বৈঠকৰ সময়ত তেওঁ বিজেপিৰ শক্তিশালী সাংগঠনিক পৰিকাঠামো, প্ৰতিটো স্তৰৰ মানুহৰ সৈ...

October 17, 2025 12:45 PM

views 73

ইজিপ্তৰ বৈদেশিক মন্ত্ৰী বদৰ আব্দেলাট্টীৰ সৈতে জে পি নাড্ডাৰ বৈঠক

● কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী জগত প্রকাশ নাড্ডা কালি নতুন দিল্লীত ইজিপ্তৰ বৈদেশিক মন্ত্ৰী বদৰ আব্দেলাট্টীৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীনাড্ডাই কয় যে, বৈঠকত উভয় দেশৰ মাজৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক সংযোগ শক্তিশালী কৰাৰ লক্ষ্যৰে সাৰ, ঔষধ, ৰাসায়নিক সামগ্ৰী আৰু পেট্ৰ'কেমিকেলৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। তেওঁ লগতে কয়, যে বৈঠকৰ সময়ত দুয়োপক্ষই বিনিময় বৃদ্ধি তথা উদ্ভাৱন আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে সহযোগিতাক আগুৱাই নিয়াৰ...

October 10, 2025 8:44 PM

views 104

বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে নতুন দিল্লীত কেইবাটাও নতুন উদ্যম মুকলি

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে নতুন দিল্লীত ৰাষ্ট্ৰীয় দূৰসংযোগ মানসিক স্বাস্থ্য কাৰ্যসূচীৰ বাবে টেলি মানস এপকে ধৰি কেইবাটাও নতুন উদ্যম মুকলি কৰে। ন-ৰূপত সজাই তোলা টেলিমানস এপত জৰুৰী পৰিস্থিতিত দিহা-পৰামৰ্শ আগবঢ়োৱাৰ বাবে জৰুৰীকালীন মডিউল আৰু এপৰ সৈতে জড়িত লোকসকলক বহুভাষী ব্যৱহাৰকাৰী ইণ্টাৰফেচ ছেট বোটৰ সুবিধা প্ৰদান কৰা হৈছে। টেলিমানস এপ এতিয়াৰে পৰা ইংৰাজী আৰু হিন্দী ভাষাৰ উপৰি ১০টা আঞ্চলিক ভাষাতো উপলব্ধ হ'ব। এই উপলক্ষে শ্রীনাড্...