কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই দেশে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১২ বছৰত স্বাস্থ্য খণ্ডত চকুত লগা ধৰণৰ অগ্রগতি লাভ কৰা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে কয়, যে আয়ুষ্মান ভাৰত প্রধানমন্ত্রী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান আৰোগ্য মন্দিৰৰ পৰা বিভিন্ন ডিজিটেল স্বাস্থ্য পৰিচৰ্যা উদ্যামসমূহে জনসাধাৰণৰ বাবে গুণগত স্বাস্থ্য সেৱা সুলভ কৰি তুলিছে।
তেওঁ কয়, যে দেশত অখিল ভাৰতীয় আয়ুবিজ্ঞান প্রতিষ্ঠান এইমছৰ সংখ্যা ২৩লৈ বৃদ্ধি পাইছে। ই সঞ্জীৱনী, কোৱিন আৰু ইউ-ৱিনৰ দৰে মঞ্চৰ জৰিয়তে জনসাধাৰণে সহজে স্বাস্থ্য সেৱা লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।