কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কাইলৈ উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল’ব। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িতৰ সৈতে মত বিনিময় কৰিব। তেওঁ বান শিবিৰত থকা লোকসকলৰ অৱস্থাৰো বুজ ল’ব। তদুপৰি ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান সাহায্য আৰু পুনৰ সংস্থাপন সন্দৰ্ভত আলোচনা কৰিব। মন্ত্ৰীগৰাকীয়ে কাইলৈ নাগালেণ্ডৰ মন জিলালৈ গৈ তাত বান পৰিস্থিতিৰ পৰিদৰ্শন কৰাৰ লগতে বানপীড়িত ৰাইজক সাক্ষাৎ কৰিব। ইয়াৰ পাছতে তেওঁ ডিব্ৰুগড়লৈ উভতি আহি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ব। পৰহিলৈ মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশলৈ গৈ ৰাজ্যখনত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বিস্তৰ ক্ষতিৰ বুজ ল’ব। তেওঁ ইটানগৰত অৰুণাচল প্ৰদেশ চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতেও আলোচনাত মিলিত হ’ব।
Assamese | August 4, 2026 6:36 PM | J P Nadda
কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ কাইলৈ উজনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন