স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি ৰাষ্ট্ৰীয় ৰাজধানীক বিশেষ গুৰুত্ব দি দেশত চলি থকা পৰিস্থিতি আৰু এইচ ওৱান, এন ওৱান ইনফ্লুয়েঞ্জাৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে জনোৱা মতে, শ্রীনাড্ডাই ৰাষ্ট্ৰীয় চোৰাংচোৱাগিৰি আৰু মহামাৰী বিজ্ঞানৰ পৰিস্থিতি, আই এল আই আৰু SARI ৰ প্ৰৱণতা পৰীক্ষা আৰু পৰীক্ষাগাৰৰ নিৰীক্ষণ আৰু ঋতুভিত্তিক ইনফ্লুয়েঞ্জাৰ ৰোগ ব্যৱস্থাপনাৰ বাবে স্বাস্থ্যসেৱাৰ প্রতিষ্ঠানসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। বৈঠকৰ সময়ত শ্রীনাড্ডাই ইনফ্লুয়েঞ্জাৰৰ প্ৰৱণতাৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে নিৰন্তৰ সতর্কতা, শক্তিশালী নিৰীক্ষণ আৰু সক্রিয় প্ৰস্তুতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে শ্বাস প্রশ্বাসজনিত, পৰিস্কাৰ পৰিচ্ছন্নতা আৰু হাতৰ চাফ চিকুণতাকে ধৰি জন সচেতনতা আৰু প্ৰতিৰোধমূলক স্বাস্থ্য পদ্ধতিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে। তেওঁ শ্বাস প্রশ্বাসজনিত ৰোগৰ লক্ষণ দেখা দিলে ততালিকে ব্যক্তিসকলক চিকিৎসকৰ পৰামৰ্শ লবলৈ আহ্বান জনায়। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে পৰিস্থিতিৰ ওপৰত নিৰন্তৰ চোকা দৃষ্টি ৰখা হৈছে। মন্ত্রালয়ে লগতে জনাই যে এই ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চল, চিকিৎসালয়, পৰীক্ষাগাৰ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে সমন্বয় ৰক্ষা কৰি থকা হৈছে।
Assamese | August 21, 2026 8:28 PM | J P Nadda
দেশত এইচ ওৱান, এন ওৱান ইনফ্লুয়েঞ্জাৰ প্ৰস্তুতিৰ পৰ্যালোচনা মন্ত্রী জে পি নাড্ডাৰ