কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আঞ্চলিক স্বাস্থ্য সহযোগিতা সুদৃঢ় কৰা আৰু উন্নত স্বাস্থ্য ব্যৱস্থা গঢ়ি তোলাৰ প্ৰতি ভাৰতৰ প্রতিশ্রুতিবদ্ধতাৰ বিষয়ে দোহাৰিছে। শ্রীনাড্ডাই কালি টিমোৰ লেস্টেত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া আঞ্চলিক সমিতিৰ ৭৯ সংখ্যক অধিবেশনত ভার্চুৱেল ব্যৱস্থাৰে সম্বোধন কৰি এই বিষয়ে সদৰি কৰে। শ্রীনাড্ডাই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে প্রাথমিক স্বাস্থ্য সেৱা সুদৃঢ় কৰাৰ লগতে জনসাধাৰণৰ বাবে গুণগত স্বাস্থ্য সেৱা সুলভ কৰি তোলাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। দূৰণিবটীয়া দুর্গম আৰু গ্ৰামাঞ্চলত দূৰ সংযোগ ব্যৱস্থাৰে চিকিৎসা প্ৰদানৰ বাবে ই-সঞ্জীৱনীৰ দৰে প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। অধিবেশনত ভাৰতক বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূব এছিয়া আঞ্চলিক পুৰস্কাৰেৰে সন্মানিত কৰা হয়। মাতৃ আৰু নৱজাতকৰ টিটেনাছ ৰোগ নির্মূল কৰা আৰু প্ৰাথমিক স্বাস্থ্য সেৱাৰ জৰিয়তে অসংক্ৰামক ৰোগ ৰোধ কৰাৰ উদ্দেশ্যে চলোৱা প্ৰচেষ্টাৰ স্বীকৃতিস্বৰূপে ভাৰতক এই সন্মানেৰৰে সন্মানিত কৰা হৈছে। শ্রীনাড্ডাই দেশৰ স্বাস্থ্যকর্মী বিশেষকৈ আগশাৰীৰ স্বাস্থ্য কর্মীসকলক এই পুৰস্কাৰৰ কৃতিত্ব প্রদান কৰে।
Assamese | September 11, 2026 10:47 AM | J P Nadda
বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া আঞ্চলিক সমিতিৰ ৭৯ সংখ্যক অধিবেশন