June 29, 2026 8:46 PM | J P Nadda

printer

নতুন দিল্লীত আজি স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ বাবে কেইটামান ডিজিটেল পদক্ষেপ মুকলি কৰে। ভাৰতবৰ্ষৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাথনি শক্তিশালী কৰাৰ বাবে এই পদক্ষেপসমূহ হাতত লোৱা হৈছে। এই পদক্ষেপত আৰোগ্য সেতু ২.০, আয়ুষ্মান সাৰথি চাটবত, আয়ুষ্মান এপ, ই-শুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য দাবী বিনিময় আৰু স্বাস্থ্য খণ্ডৰ মানদণ্ডকে আদি কৰি বিভিন্ন বিষয় অন্তৰ্ভুক্ত কৰা হয়। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে স্বাস্থ্য সেৱাৰ সুবিধাসমূহৰ সম্প্ৰসাৰণ ঘটোৱা, আন্তঃ কাৰ্যদক্ষতা শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাথনি গ্ৰহণ ত্বৰান্বিত কৰা। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সম্পদ কেন্দ্ৰৰ তত্বাৱধানত এই পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্রীনাড্ডাই কয় যে এই পদক্ষেপসমূহ এখন সুস্থ ভাৰত আৰু ডিজিটেলভাৱে অধিক সৱল দেশ হিচাপে গঢ়ি তোলাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুটি হিচাপে বিবেচিত হৈছে। তেওঁ লগতে উল্লেখ কৰে যে স্বাস্থ্য সেৱা খণ্ডই স্বাস্থ্য সেৱাৰ পৰিসৰ বৃদ্ধি কৰি সমগ্ৰ দেশৰ নাগৰিকসকলৰ বাবে স্বাস্থ্য সুবিধাসমূহ অধিক সুলভ আৰু পৰ্যাপ্ত কৰি তুলিছে।ইয়াৰ উপৰি নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান পৰিষদৰ ষোড়শ সন্মিলনত অংশগ্ৰহণ কৰি চৰকাৰী প্ৰাথমিক, মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা খণ্ডৰ সম্প্ৰসাৰণ কৰি দেশৰ স্বাস্থ্য সেৱা ব্যৱস্থা যথেষ্ট শক্তিশালী কৰি তুলিছে বুলি মন্তব্য কৰে। নাগৰিক আৰু স্বাস্থ্য সেৱা ব্যৱস্থাৰ মাজৰ প্ৰথম যোগসূত্ৰ হিচাপে ১ দশমিক ৮-৬ লাখ আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে। চৰকাৰে উন্নত চিকিৎসাৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিবলৈ প্ৰাথমিক আৰু মাধ্যমিক স্বাস্থ্যসেৱাৰ মাজৰ সংযোগ পূৰ্বতকৈ উন্নত হৈছে বুলিও ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ লগতে কয় যে সমগ্র দেশতে বিশেষকৈ পিছপৰা জিলাসমূহত ২৩ খন নতুন এইমছ আৰু ১৫৭ খনতকৈও অধিক চিকিৎসা মহাবিদ্যালয় স্থাপনৰ জৰিয়তে তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱাও শক্তিশালী কৰা হৈছে।