September 6, 2024 1:10 PM | J P Nadda

printer

দুদিনীয়া ভ্রমণসূচীৰে আজি বিহাৰলৈ যাত্ৰা জে পি নাড্ডাৰ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই আজি দুদিনীয়া ভ্রমণসূচীৰে বিহাৰলৈ যাব। ভ্ৰমণৰ সময়ছোৱাত শ্ৰীনাড্ডাই অহা বছৰ হ‘বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পাৰ্টনাত দলৰ নেতা-কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হ‘ব। বৈঠকৰ পূৰ্বে তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰিব। পাছত তেওঁ ইন্দিৰা গান্ধী চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানলৈ যাব আৰু প্ৰতিষ্ঠানখনৰ নতুন সা-সুবিধা মুকলি কৰিব। শ্ৰীনাড্ডাৰ এই দুদিনীয়া ভ্ৰমণৰ সময়ছোৱাত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি আৰু দলীয় ৰণকৌশল সন্দৰ্ভত বিভিন্ন কাৰ্যসূচীত ভাগ ল‘ব। তেওঁ ভগলপুৰত জৱাহৰলাল নেহৰু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ছাত্ৰাৱাসো মুকলি কৰিব। কাইলৈ তেওঁ দাৰভাঙ্গালৈ যাব আৰু তাত প্ৰস্তাৱিত অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান নির্মাণ হ‘বলগীয়া স্থান পৰিদৰ্শন কৰিব। উল্লেখযোগ্য যে এই প্রতিষ্ঠানে উত্তৰ বিহাৰৰ স্বাস্থ্যখণ্ডৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। দাৰভাঙ্গাত এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত তেওঁ কাইলৈ বিয়লি নতুন দিল্লীলৈ ঘূৰি যাব।