দেশৰ ভালেমান অংশত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপলৈ চাই কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই আজি গ্রীষ্ম প্ৰবাহজনিত পৰিস্থিতি আৰু কেন্দ্ৰীয় চৰকাৰৰ চিকিৎসালয়সমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলায় আৰু চিকিৎসালয়সমূহক গ্রীষ্ম প্রবাহৰ ফলত হোৱা ৰোগৰ চিকিৎসাৰ বাবে বিশেষ গোটৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে বিষয়াসকলক সকলো চিকিৎসালয়ত প্ৰভাৱিতসকলৰ বাবে সর্বোৎকৃষ্ট চিকিৎসাৰ সুনিশ্চিত কৰিবলৈ কয়। সূত্ৰৰ পৰা জানিব পৰা মতে, স্বাস্থ্য মন্ত্ৰালয়ে বিশেষকৈ উত্তৰ ভাৰতত অব্যাহত থকা গ্ৰীষ্ম প্রবাহৰ প্রভাবলৈ চাই নতুন পৰামৰ্শৱলী যুগুতাই উলিওৱাৰ বাবে কাম কৰি আছে। ইপিনে, দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতালে বিগত ৩ সপ্তাহত চিকিৎসালয়খনত প্ৰচণ্ড গৰমৰ ফলত হোৱা ষ্ট্ৰকত পৰি ৯ জন লোকে প্ৰাণ হেৰুৱাৰ কথা নিশ্চিত কৰিছে। চফদজং চিকিৎসালয়ো গ্ৰীষ্মপ্ৰবাহজনিত ৰোগত ৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছে।
Assamese | June 19, 2024 9:16 PM | J P Nadda
দেশৰ ভালেমান অংশত গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপৰ ওপৰত মন্ত্রী জে পি নাড্ডাৰ পৰ্যালোচনা