কেন্দ্রীয় স্বাস্থ্যমন্ত্রী তথা বিজেপিৰ সভাপতি জে পি নাড্ডাই কয় যে নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটে ভাৰতৰ সৰ্বাংগীন বৃদ্ধি, বহনক্ষম উন্নয়ন আৰু অর্থনৈতিক স্থিতিস্থাপকতাৰ প্ৰমাণ হিচাপে থিয় দিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰী নাড্ডাই কয় যে এই দূৰদৰ্শী বাজেটে দেশৰ তাৎক্ষণিক প্ৰয়োজনীয়তাক পুৰণ কৰাৰ লগতে দীৰ্ঘম্যাদী সমৃদ্ধিৰ বাবেও এক শক্তিশালী পৰিকাঠামো নিৰ্মাণ কৰিছে। তেওঁ কয় যে বাজেটত আন্তঃগাঁথনি উন্নয়ন, প্রযুক্তিগত উদ্ভাৱন আৰু সমাজ কল্যাণকো অগ্ৰাধিকাৰ দিয়া হৈছে। তেঁও লগতে কয় যে যুগান্তকাৰী নীতি আৰু কৌশলগত বিনিয়োগসমূহে বিকাশৰ গতি ত্বৰান্বিত কৰাৰ লগতে নিয়োগ সৃষ্টিত অৰিহণা যোগাব আৰু সকলো নাগৰিকৰ জীৱনধাৰণৰ মান বৃদ্ধি কৰিব।
Assamese | July 24, 2024 10:27 AM | J P Nadda
এন ডি এৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেটৰ ওপৰত স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ মন্তব্য