কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কালি দিল্লীত আয়োজিত এটা অনুষ্ঠানত STOP DIARRHOEA শীর্ষক এটা বিশেষ অভিযান মুকলি কৰে। স্বাস্থ্য ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেল আৰু প্ৰতাপৰাও যাধবৰ উপস্থিতিত শ্রী নাড্ডাই শিশুসকলৰ মাজত অ’ আৰ এছ আৰু জিংক টেবলেট বিতৰণ কৰি এই অভিযানৰ মুকলি কৰে। অহা পহিলা জুলাইৰ পৰা দুমাহ জোৰা এই অভিযান আৰম্ভ হ’ব আৰু ৩১ আগষ্টত ইয়াৰ সামৰণি পৰিব। ডায়েৰীয়াৰ ফলত যাতে কোনো শিশুৰ মৃত্যু নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই অভিযান মুকলি কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি শ্রী নাড্ডাই কয় যে কেন্দ্রই গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ জৰিয়তে ডায়েৰীয়াৰ ফলত শিশুৰ মৃত্যু হোৱাৰ ঘটনা হ্ৰাস কৰাত বহু পৰিমাণে সহায়ক হৈছে। তেওঁ কয় যে, ২০১৪ চনত ৰোটা ভাইৰাছৰ প্ৰতিষেধক প্ৰৱৰ্তন কৰা ভাৰতেই আছিল প্ৰথমখন দেশ। ইয়াৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় জলজীৱন অভিযান, স্বচ্ছ ভাৰত অভিযান আৰু আয়ুষ্মাণ আৰোগ্য মন্দিৰ নেটৱৰ্কৰ সম্প্ৰসাৰণ আদি পদক্ষেপে ডায়েৰীয়াৰ ফলত হোৱা মৃত্যু ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াই আহিছে বুলিও তেওঁ লগতে মন্তব্য কৰে।
Assamese | June 25, 2024 12:42 PM | J P Nadda
দিল্লীত STOP DIARRHOEA শীর্ষক বিশেষ অভিযান মুকলি