January 30, 2025 8:53 PM

views 52

ৰাজ্যৰ বিভিন্ন স্থানত ৭০ সংখ্যক লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা

ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু গুৱাহাটী ক্রীড়া সন্থাৰ যৌথ উদ্যোগত ৰাজ্যৰ বিভিন্ন স্থানত এইবাৰ ৭০ সংখ্যক লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা চলি আছে। ক্লাষ্টাৰ পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আজি কেইবাখনো খেল আয়োজিত হয়। মৰিগাঁও মণ্ডলৰ খেলত জিলাখনৰ ৮টা দলে অংশগ্ৰহণ কৰিছে। মৰিগাঁও জিলা ক্রীড়া সন্থাৰ খেলপথাৰত আজি অনুষ্ঠিত উদ্বোধনী খেলখনত ভুৰবন্ধা নৱজ্যোতি সংঘই গড়মাৰী ৰাইনোজ ক্লাবক ৪-১ গ'লত পৰাস্ত কৰে। যোৰহাটত অনুষ্ঠিত খেলখনত ৰঞ্জিত ক্লাব আৰু ৰমাকান্ত ফুটবল ক্লাবে গ'লশূন্য ড্র’ খেলি পইণ্ট...

January 30, 2025 2:10 PM

views 40

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত ফুটবল, স্কোৱাছ, উশু, শুটিং, ট্রাইথলন, বীচ্চ হেণ্ডবল, চাইক্লিং আৰু ভাৰোত্তোলন শিতানত শিতানত অসমৰ প্ৰতিদ্বন্দ্বিতা

অসমে আজি উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত আজি ফুটবল, স্কোৱাছ, উশু, শুটিং, ট্রাইথলন, বীচ্চ হেণ্ডবল, চাইক্লিং আৰু ভাৰোত্তোলন শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৰাজ্যৰ ছোৱালীৰ বীচ্চ হেণ্ডবল দল আজি ছেমি ফাইনেলত কেৰালাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন পুৱা প্ৰায় ১০ বজাত আৰম্ভ হ'ব। স্কোৱাছত মনশ্ৰী ৰাজস্থানৰ ছাৱিৰ সন্মুখীন হ'ব। এই শিতানৰ মহিলাৰ দলীয় শাখাত অসম, তামিলনাডুৰ আৰু পুৰুষৰ দলীয় শাখাত অসম উত্তৰ প্ৰদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰোত্তোলনত আজি পঞ্চমী সোণোৱাল আৰু বৰ্ণালী বৰাই প্ৰতিদ্ব...

January 27, 2025 3:58 PM

views 57

ইণ্ডিয়ান ছুপাৰ লীগত মহম্মেদান এছ চিক ৩-০ গ’লত পৰাস্ত মুম্বাই চিটি এফ চিৰ

মুম্বাইত অনুষ্ঠিত ইণ্ডিয়ান ছুপাৰ লীগৰ এখন খেলত কালি নিশা মুম্বাই চিটি এফ চিয়ে মহম্মেদান এছ চিক ৩-০ গ'লত পৰাস্ত কৰে। মুম্বাইৰ হৈ গৌৰৱ বৰা অ' জি, ললিয়ানজুৱালা ছাংটে আৰু থায়েৰ ক্রৌমাই এটাকৈ গ'ল দি দলটোৰ জয় নিশ্চিত কৰে। আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত বেংগালুৰু এফ চিৰ বিৰুদ্ধে মোহন বাগান ছুপাৰ জায়েন্ট অৱতীৰ্ণ হ'ব। সন্ধিয়া ৭:৩০ বজাত খেলখন আৰম্ভ হ'ব।

January 2, 2025 10:10 AM

views 68

আই এছ এল ফুটবল প্রতিযোগিতাত মোহন বাগান ছুপাৰ জায়েণ্ট হায়দাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

মোহন বাগান ছুপাৰ জায়েণ্ট আজি বিবেকানন্দ যুৱভাৰতী ক্রীড়াঙ্গনত হ'বলগীয়া আই এছ এল ফুটবল প্রতিযোগিতাৰ এখন খেলত হায়দাবাদ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মোহন বাগান ছুপাৰ জায়েণ্টে বৰ্তমানলৈ ১৩খন খেলৰ পৰা ২৯ পইণ্ট লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে। হায়দাবাদ এফ চিয়ে ১৩খন খেলৰ পৰা মাত্র ৮ পইণ্ট লাভ কৰি দ্বাদশ স্থানত আছে।

December 18, 2024 1:01 PM

views 59

মুম্বাই চিটি এফ চিৰ ১৩ অনূৰ্ধ্ব দলত অসমৰ দিশান্ত বৰঠাকুৰ

মুম্বাই নিবাসী অসমৰ উদীয়মান খেলুৱৈ দিশান্ত বৰঠাকুৰে দেশৰ আগশাৰীৰ ফুটবল ক্লাব মুম্বাই চিটি এফ চি ৰ ১৩বছৰ অনূৰ্ধ্ব দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বিগত দুবছৰ ধৰি ছকাৰষ্টাৰজ ফুটবল ক্লাবৰ অধীনত প্ৰশিক্ষণ লৈ থকা দিশান্তই এতিয়াৰে পৰা ক্লাবটোৰ হৈ আই লীগ আৰু মুম্বাই ফুটবল সন্থা (এম এফ এ)ৰ বিভিন্ন খেলত অংশ লোৱাৰ সুযোগ পাব। বাওঁ ভৰিৰ ৰাইট উইংগাৰ হিচাপে ইতিমধ্যে দক্ষতা প্ৰদৰ্শন কৰা দিশান্তই ড্ৰিবলিং, শ্বুটিং, আৰু লং পাছত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে। উল্লেখযোগ্য যে, ফুটবলৰ লগতে ক্ৰিকেট আৰু টেনিছৰ ক...

November 19, 2024 12:38 PM

views 54

ভাৰত আৰু মালয়েছিয়াৰ মাজৰ ফিফা আন্তঃৰাষ্ট্ৰীয় প্ৰীতি খেল ১-১ গলত ড্র’

ভাৰত আৰু মালয়েছিয়াৰ মাজত কালি হায়দাবাদৰ গাছিবৌলি ষ্টেডিয়ামত অনুষ্ঠিত ফিফা আন্তঃৰাষ্ট্ৰীয় প্ৰীতি খেলখন ১-১ গলত ড্র' হয়। মালয়েছিয়াৰ হৈ খেলখনৰ ১৯ সংখ্যক মিনিটত পাউলা জ'ছোৱে গল দিয়াৰ বিপৰীতে ঘৰুৱা দলৰ হৈ ৰাহুল ভেকেইয়ে ৩৯ সংখ্যক মিনিটত গলটো পৰিশোধ কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ব্ৰেণ্ডন ফার্ণাণ্ডেজক প্লেয়াৰ অৱ দা মেচ সন্মান প্ৰদৰ্শন কৰা হয় ।

October 26, 2024 9:09 PM

views 39

চতুর্দশ মনমোহন দাস আৰু আৰ আৰ আহমেদ সোঁৱৰণি ফুটবল প্রতিযোগিতাত কৃষকজ্যোতি সংঘৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ

গোৱালপাৰা জিলা ক্রীড়া সন্থাৰ উদ্যোগত আৰু ৰূপজ্যোতি সংঘৰ সহযোগত আয়োজিত চতুর্দশ মনমোহন দাস আৰু আৰ আৰ আহমেদ সোঁৱৰণি ফুটবল প্রতিযোগিতাত কৃষকজ্যোতি সংঘই চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিছে। আজি অনুষ্ঠিত ফাইনেলত দলটোৱে আগিয়া ফুটবল দলক ৫-১ গলত পৰাজিত কৰে।

September 28, 2024 8:26 PM

views 72

থিম্ফুত অনুষ্ঠিত ছাফ-১৭ বছৰ অনুৰ্ধ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ভাৰতে ভূটানৰ থিম্ফুত অনুষ্ঠিত ছাফ-১৭ বছৰ অনুৰ্ধ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ছেমিফাইনেল খেলখনত নেপালক ৪-২ গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ বিশাল য়াদৱে দুটা আৰু ঋষি সিং আৰু হেমনেই চুং লুংকিমে এটাকৈ গ'ল কৰে। পাকিস্তান আৰু বাংলাদেশৰ মাজত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলৰ বিজয়ী দলটোৰ বিৰুদ্ধে ভাৰতে ৩০ ছেপ্তেম্বৰত প্ৰতিযোগিতাৰ ফাইনেল খেলখনত অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, ছাফ ১৭ বছৰ অনুৰ্ধৰ ফুটবল প্রতিযোগিতাখনত ভাৰতে পূৰ্বে ৫ বাৰকৈ বিজয়ীৰ খিতাপ দখল কৰিছে।

September 26, 2024 10:41 AM

views 37

এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ খেলত মংগোলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৪-১ গলৰ ব্যৱধানত জয়লাভ

ভাৰতে কালি ২০ বছৰ অনুৰ্ধৰ এ এফ চি এছিয়ান কাপ ফুটবল প্রতিযোগিতাৰ যোগ্যতা নির্ণয়কাৰী খেলত মংগোলিয়াক ৪-১ গলৰ ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে গ্রুপ-জিত ৩ পইণ্ট অর্জন কৰে। ভাৰতৰ হৈ কেলভিন সিং, কৰৌ সিং থিনগুজামে এটাকৈ আৰু মাংলেনথাং কিপগেনে দুটা গল দিয়ে। পৰৱৰ্তী খেলখনত ভাৰত কাইলৈ ইৰানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গ্ৰুপৰ শীৰ্ষত থকা দলটোৱে চীনত অহা বছৰ হ'বলগীয়া চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগিতালৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব।

September 12, 2024 1:58 PM

views 53

ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অসম ৰাজ্যিক ফুটবল দলৰ তেলেংগানা ৰাজ্যিক ফুটবল দলক ৪-০ গলত পৰাস্ত

■ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত কালি অসম ৰাজ্যিক ফুটবল দলে তেলেংগানা ৰাজ্যিক ফুটবল দলক ৪-০ গলত পৰাস্ত কৰে। ঘৰুৱা দলটোৱে ক্ৰমাগতভাৱে তিনিখন খেলত জয়ী হৈ ছেমি ফাইনেলত নিজৰ স্থান সজীৱ কৰি ৰাখিছে৷ যোৰহাট জিলা ক্রীড়া সন্থাই অসম দলৰ সকলো খেলুৱৈ, প্ৰশিক্ষক আৰু পৰিচালকক আন্তৰিক অভিনন্দন জনাইছে।