August 19, 2025 12:37 PM

views 58

ডুৰাণ্ড কাপৰ প্ৰথমখন ছেমি ফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

■ সেনাবাহিনীয়ে আয়োজন কৰা ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি নর্থ ইষ্ট ইউনাইটেড এফ চি লাজং এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া ৭ বজাত খেলখন অনুষ্ঠিত হ'ব। এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্রতিযোগিতাখনত এয়া তৃতীয়বাৰৰ বাবে দুয়োটা দল মুখামুখি হ'ব। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ছেমি ফাইনেলতো দুয়োটা দল পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল আৰু নৰ্থ ইষ্ট ইউনাইটেডে মেঘালয়ৰ দলটোক ৩-০ত পৰাস্ত কৰি খিতাপৰ যুঁজলৈ অগ্ৰসৰ হৈছিল।

August 17, 2025 8:26 PM

views 24

ডুৰাণ্ড কাপ ফুটবলত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবৰ ছেমি ফাইনেলত প্ৰৱেশ

■ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। জামচেদপুৰৰ জে আৰ ডি টাটা ক্রীড়া প্ৰকল্পত অনুষ্ঠিত এখন কোৱাৰ্টাৰ ফাইনেল খেলত জামচেদপুৰ ফুটবল ক্লাবক ২-০ গ'লত পৰাজিত কৰি দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে, কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াঙ্গনত অনুষ্ঠিত হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেল খেলত মোহন বাগান ছুপাৰ জায়েণ্টছ দল ইষ্ট বেংগলৰ মুখামুখি হ'ব। মোহন বাগানে ১৮ তম ডুৰাণ্ড কাপ খিতাপ লাভৰ লক্ষ্যৰে আগবঢ়াৰ বিপৰীতে ইষ্ট বেংগল দলে ডুৰাও কাপৰ ১৭ তম ...

August 7, 2025 8:28 PM

views 68

নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ছোৱালীৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতাৰ ফাইনেলত গুৱাহাটীৰ বেতকুছি হাইস্কুল আৰু তিনিচুকীয়াৰ বৰুৱাহোলা হাইস্কুল

গুৱাহাটীৰ বেতকুছি হাইস্কুল আৰু তিনিচুকীয়াৰ বৰুৱাহোলা হাইস্কুলে ১৭ বছৰ অনুৰ্ধ নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ছোৱালীৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰবেশ কৰিছে। আজি বিয়লি অনুষ্ঠিত প্রতিযোগিতাৰ ছেমি ফাইনেলত কামৰূপ মহানগৰ জিলাক প্ৰতিনিধিত্ব কৰা বেতকুছি হাইস্কুলে শিৱসাগৰক ১-০ গলত পৰাস্ত কৰে। বেতকুছিৰ হৈ এছ বসুমতাৰীয়ে খেলৰ ২৫ মিনিটত বিজয়সূচক গলটো দিয়ে। ইপিনে, নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত আনখন ছেমি ফাইনেলত বৰুৱাহোলা হাইস্কুলে কোকৰাঝাৰক ২-০ গলত পৰাভূত কৰে। খেলৰ ১৯ মিনিটত ডলী গগৈয়ে ...

June 15, 2025 8:26 PM

views 72

৫৯ সংখ্যক এ টি পি এ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন খেলত নাগালেণ্ড পুলিচ দলৰ জয়লাভ

৫৯ সংখ্যক এ টি পি এ শ্বিল্ড ফুটবল প্রতিযোগিতাৰ প্ৰথমখন খেলত আজি নাগালেণ্ড পুলিচ ফুটবল দলে জয়লাভ কৰিছে। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত নাগালেণ্ড দলটোৱে যোৰহাট ভিক্টৰিয়াছ ক্লাৱক ৫-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে।

June 8, 2025 7:30 PM

views 62

মুম্বাইৰ ৰিলায়েন্স ফাউণ্ডেচন ইয়ং কেম্পত ফুটবলৰ ৫ বছৰীয়া প্ৰশিক্ষণৰ বাবে চৰাইদেউৰ মাহমৰাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ সমীৰ ৰাজকোঁৱৰ নিৰ্বাচিত

চৰাইদেউ জিলাৰ মাহমৰা এটা ১৩ বছৰীয়া কিশোৰে মুম্বাই থকা ৰিলায়েন্স ফাউণ্ডেচন ইয়ং কেম্পত ফুটবলৰ ৫ বছৰীয়া আবাসিক প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে। মাহমৰা দিছাংকোষ অঞ্চলৰ তিলক ৰাজকোঁৱৰ আৰু জোনালী ৰাজকোঁৱৰৰ পুত্ৰ সমীৰ ৰাজকোঁৱৰ এই প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হোৱাত অঞ্চলটোৰ ক্রীড়ানুৰাগীসকল উৎফুল্লিত হৈ পৰিছে। মাহমৰা গৰৈমাৰী ক্রীড়া প্ৰকল্পত ফুটবল খেলৰ অনুশীলন কৰি দেশৰ আগশাৰীৰ আবাসিক প্রশিক্ষণ কেন্দ্ৰটোৰ বাবে নিৰ্বাচিত হোৱা সমীৰ ৰাজকোঁৱৰক চৰাইদেউ জিলা ক্রীড়া সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে অভিনন্দন জনাইছে...

June 3, 2025 8:20 PM

views 62

স্পেইনৰ মাৰ্বেলা ফুটবল ক্লাবত অসমৰ ১৯ বছৰ অনূর্ধ ১৭ গৰাকী ফুটবল খেলুৱৈৰ প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা

স্পেইনৰ মাৰ্বেলা ফুটবল ক্লাবত অসমৰ ১৯ বছৰ অনূর্ধ ১৭ গৰাকী ফুটবল খেলুৱৈয়ে প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা লাভ কৰিছে। ৰাজ্যৰ বছা বছা ৭২ গৰাকী ফুটবল খেলুৱৈৰ ভিতৰত গুৱাহাটী স্পৰ্টছ এছ’চিয়েচনে এই প্ৰশিক্ষণৰ বাবে ৰাজ্যৰ ১৭ গৰাকী খেলুৱৈক নিৰ্বাচিত কৰিছে। গোপীনাথ বৰদলৈ ট্ৰফী প্রতিযোগিতাত ভাল খেল প্ৰদৰ্শন কৰাৰ বাবে নিৰ্বাচিত হোৱা এই ১৭ গৰাকী খেলুৱৈৰ মাজত বিশ্বনাথৰ সৌৰভ কুমাৰ দে’ও নিৰ্বাচিত হৈছে। এই প্রশিক্ষণ গ্রহণ কৰিবলৈ দলটো অহা জুলাই মাহৰ শেষৰফালে গুৱাহাটীৰ পৰা স্পেইনলৈ ৰাওনা হ'ব।

April 26, 2025 8:59 PM

views 55

গুৱাহাটী চিটী ফুটবল ক্লাবে গুৱাহাটীত এটা উন্নতমানৰ আৱাসিক ফুটবল একাডেমী আৰম্ভ কৰাৰ কথা ঘোষণা

গুৱাহাটী চিটী ফুটবল ক্লাবে গুৱাহাটীত এটা উন্নতমানৰ আৱাসিক ফুটবল একাডেমী আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। মহানগৰীৰ গড়চুকত থকা কাজিৰঙা ইংলিছ একাডেমীৰ চৌহদত উন্নতমানৰ ফুটবল একাডেমীটো গঠন কৰা হ’ব বুলি ক্লাব কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। একাডেমীটোত ছাত্র-ছাত্রীসকলে একেলগে একেটা চৌহদত চি বি এছ ই পাঠক্রমৰ অধীনত শিক্ষা আৰু উন্নতমানৰ প্ৰশিক্ষণ লাভ কৰিব। অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত আজি অনুষ্ঠিত এখন সংবাদমেলত গুৱাহাটী চিটী ফুটবল ক্লাবৰ সঞ্চালক সিদ্ধার্থ শংকৰ ডেকাই এই কথা প্ৰকাশ কৰে। অহা মে’ মাহত আগ্ৰহী খেলুৱৈ আৰু ...

March 14, 2025 11:28 AM

views 50

বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ খিতাপ অৰ্জন উত্তৰ-পূব সীমান্ত ৰে’লৱে ক্ৰীড়া সন্থাৰ

■ উত্তৰ-পূব সীমান্ত ৰে'লৱে ক্ৰীড়া সন্থাই প্ৰথমবাৰৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে কালি গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবক টাইব্ৰেকাৰৰ সহায়ত ৭-৬ৰ ব্যৱধানত পৰাস্ত কৰে। খেলখন নিৰ্ধাৰিত সময়ত ১-১ গলত অমিমাংসিত হোৱাৰ পাছত অতিৰিক্ত সময়তো ফলাফল নোলোৱাত টাইব্ৰেকাৰৰ সহায় ল'বলগীয়া হয়।

March 13, 2025 11:46 AM

views 57

লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ আজি ফাইনেল খেল

■ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাৰ ফাইনেলত আজি উত্তৰ-পূব সীমান্ত ৰে'লৱে ক্ৰীড়া সন্থা নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাবে মঙলবাৰে গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত শ্বিলং লাজং ফুটবল ক্লাবক ১-০ গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। উত্তৰ-পূব সীমান্ত ৰে'লৱে ক্ৰীড়া সন্থাই সোমবাৰে অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত গ্ল’বেল ফুটবল ক্লাবক ৩-১ গলৰ ব্যৱধানত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰে।

March 11, 2025 12:26 PM

views 51

৭০ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাত উত্তৰ-পূৱ সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা ফাইনেলত প্ৰৱেশ

ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ তথা জিলা ক্রীড়া সন্থাৰ সহযোগত গুৱাহাটী ক্রীড়া সন্থাই আয়োজন কৰা ৭০ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাত কালি জজ ফিল্ডত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত উত্তৰ-পূৱ সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাই – গ্লোৱেল ফুটবল ক্লাৱক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। উত্তৰ-পূৱ সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাৰ প্ৰাৱিক ঘিছিঙক প্লেয়াৰ অৱ দ্যা মেচ ঘোষণা কৰা হয়। দ্বিতীয়খন ছেমিফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱ-শ্বিলং লাজং ফুটবল ক্লাৱৰ মুখামুখি হ'ব।