গুৱাহাটীৰ বেতকুছি হাইস্কুল আৰু তিনিচুকীয়াৰ বৰুৱাহোলা হাইস্কুলে ১৭ বছৰ অনুৰ্ধ নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ছোৱালীৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰবেশ কৰিছে। আজি বিয়লি অনুষ্ঠিত প্রতিযোগিতাৰ ছেমি ফাইনেলত কামৰূপ মহানগৰ জিলাক প্ৰতিনিধিত্ব কৰা বেতকুছি হাইস্কুলে শিৱসাগৰক ১-০ গলত পৰাস্ত কৰে। বেতকুছিৰ হৈ এছ বসুমতাৰীয়ে খেলৰ ২৫ মিনিটত বিজয়সূচক গলটো দিয়ে।
ইপিনে, নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত আনখন ছেমি ফাইনেলত বৰুৱাহোলা হাইস্কুলে কোকৰাঝাৰক ২-০ গলত পৰাভূত কৰে। খেলৰ ১৯ মিনিটত ডলী গগৈয়ে প্ৰথমটো আৰু ৫৪ মিনিটত ভূমি বৈৰীয়ে দ্বিতীয়টো গল দিয়ে।
Assamese | August 7, 2025 8:28 PM | Akashvani Guwahati | Akashvani News | Assam Sports | Football | u17 football
নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ছোৱালীৰ আন্তঃজিলা বিদ্যালয় ফুটবল প্রতিযোগিতাৰ ফাইনেলত গুৱাহাটীৰ বেতকুছি হাইস্কুল আৰু তিনিচুকীয়াৰ বৰুৱাহোলা হাইস্কুল