ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ তথা জিলা ক্রীড়া সন্থাৰ সহযোগত গুৱাহাটী ক্রীড়া সন্থাই আয়োজন কৰা ৭০ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাত কালি জজ ফিল্ডত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত উত্তৰ-পূৱ সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাই – গ্লোৱেল ফুটবল ক্লাৱক ৩-১ গলৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। উত্তৰ-পূৱ সীমান্ত ৰেলৱে ক্ৰীড়া সন্থাৰ প্ৰাৱিক ঘিছিঙক প্লেয়াৰ অৱ দ্যা মেচ ঘোষণা কৰা হয়। দ্বিতীয়খন ছেমিফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাৱ-শ্বিলং লাজং ফুটবল ক্লাৱৰ মুখামুখি হ‘ব।
Assamese | March 11, 2025 12:26 PM | Football
৭০ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাত উত্তৰ-পূৱ সীমান্ত ৰেলৱে ক্ৰীড়া সন্থা ফাইনেলত প্ৰৱেশ