September 6, 2024 9:12 PM

views 63

মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰোপাহাৰ জিলাৰ বলদামগ্ৰীত আজিৰে পৰা দ্বিতীয় এম এল এ কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত

মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰোপাহাৰ জিলাৰ বলদামগ্ৰীত আজিৰে পৰা দ্বিতীয় এম এল এ কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যখনৰ মহেন্দ্ৰগঞ্জ বিধানসভা সমষ্টি এলেকাত থকা ক্লাৱসমূহৰ মাজত এই ফুটবল প্রতিযোগিতাখন অনুষ্ঠিত হ'ব। বাজেংডুবাৰ বিধায়ক পংচেং আৰ মাৰাকে এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সমষ্টিটোৰ মুঠ ৩২ টা ফুটবল ক্লাৱ দলে এই প্রতিযোগিতাত অংশগ্রহণ কৰিছে। যুৱ প্ৰজন্মক বিভিন্ন অপৰাধ আৰু মাদক দ্ৰব্য সেৱনৰ পৰা আঁতৰত ৰাখি খেল ধেমালীৰ প্ৰতি আকৃষ্ট কৰিবলৈ মহেন্দ্ৰগঞ্জৰ বিধায়ক সঞ্জয় এ চাংমাই যো...

September 6, 2024 9:11 PM

views 54

যোৰহাটত কাইলৈৰ পৰা ল’ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতা

যোৰহাটত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া ল'ৰাৰ চাব জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্রতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে ভিন ভিন ৰাজ্যৰ পৰা কেইবাটাও দল আহি উপস্থিত হৈছে। যোৰহাট ক্রীড়া সন্থাই সকলো দলকে আদৰণি জনোৱাৰ লগতে প্ৰতিযোগিতাৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ প্ৰতিযোগিতাখন উদ্বোধন কৰিব।

September 6, 2024 1:40 PM

views 44

গোবিন্দৰাম মৌৰ আৰু বানাৰসী দেৱী সোঁৱৰণী আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবল প্রতিযোগিতাত তেজপুৰ দলৰ জয়লাভ

তেজপুৰ দলে অসম ফুটবল সন্থাৰ গোবিন্দৰাম মৌৰ আৰু বানাৰসী দেৱী সোঁৱৰণী আন্তঃজিলা ছিনিয়ৰ মহিলা ফুটবল প্রতিযোগিতাৰ চূড়ান্ত খিতাপ দখল কৰিছে। ডবকা নেহৰু ময়দানত কালি অনুষ্ঠিত ফাইনেল খেলত তেজপুৰ দলে ডিব্ৰুগড়ক ৪-২ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ফাইনেল খেলত কালি বঢ়মপুৰ সমষ্টিৰ বিধায়ককে ধৰি ডবকা ক্রীড়া সন্থাৰ সভাপতি তথা অসম ক্রীড়া সন্থাৰ বিষয়ববীয়া আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

August 31, 2024 6:02 PM

views 69

১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চি মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ

নর্থ ইষ্ট ইউনাইটেড এফ চি আজি সন্ধিয়া কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াঙ্গনত হ'বলগীয়া ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ১৭ বাৰকৈ ডুৰাণ্ড কাপৰ খিতাপ অৰ্জন কৰা মোহন বাগানে এইবাৰ ১৮ বাৰৰ বাবে ছেম্পিয়নশ্বিপ দখল কৰাৰ বাবে প্ৰয়াস চলাব। উল্লেখযোগ্য যে, মোহন বাগানে গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন খেলতে জয়ী হৈছে। আনহাতে, নৰ্থ ইষ্ট ইউনাইটেডে গ্রুপ পৰ্যায়ৰ খেলত দুৰ্দান্ত খেল প্ৰদৰ্শন কৰি প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে।

July 11, 2024 12:40 PM

views 49

ইংলেণ্ড, ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ

ইংলেণ্ড, ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ডটমণ্ডত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডে নেডাৰলেণ্ডছক ২-১ গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। দলটোৰ হৈ অংলি ৱাটকিনছে নির্ণায়ক গ'লটো দিয়ে। ইংলেণ্ড দলৰ অধিনায়ক হেৰি কেনে খেলৰ প্ৰথমাৰ্ধত প্ৰথমটো গ'ল কৰে। নেডাৰলেণ্ডছৰ হৈ জাৱি ছাইমনছে একমাত্ৰ গ'লটো দিয়ে। অহা ১৫ জুলাইত হ'বলগীয়া ফাইনেলত ইংলেণ্ড স্পেইনৰ মুখামুখি হ'ব।

July 10, 2024 12:24 PM

views 63

ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত ফ্ৰান্সক ২-১ গলত পৰাস্ত স্পেইনৰ

জাৰ্মানীৰ মিউনিখৰ আলিয়ান্স এৰেনাত যোৱা নিশা অনুষ্ঠিত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত স্পেইনে ফ্ৰান্সক ২-১ গলত পৰাস্ত কৰে। ফ্ৰান্সৰ হৈ কলো মুৱানীয়ে খেলৰ প্ৰথমাৰ্ধত দলটোৰ হৈ একমাত্ৰ গ'লটো দিয়ে। স্পেইনৰ হৈ লেমিন য়ামল আৰু জুলচ কোন্দে দুটা গ'ল দিয়ে। বি ভি বি ষ্টেডিয়ন ডর্টমুণ্ডত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ড নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। অহা সোমবাৰে প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব।

June 25, 2024 8:35 PM

views 51

১ জুলাইৰ পৰা ৩ জুলাইলৈ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্রতিযোগিতা

২০২৪-২৫ বৰ্ষৰ শোণিতপুৰ জিলা আন্তঃজিলা ফুটবল প্রতিযোগিতা অহা ১ জুলাইৰ পৰা ৩ জুলাইলৈ তেজপুৰৰ মিছন চাৰিআলিৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। ১৫ আৰু ১৭ বছৰ অনুৰ্ধৰৰ ল'ৰা আৰু ১৭ বছৰ অনুৰ্ধৰৰ ছোৱালীৰ বাবে অনুষ্ঠিত এই প্ৰতিযোগিতাত পাৰদৰ্শিতাৰ ভিত্তিত খেলুৱৈসকলক পিলিক চৌধুৰী সোঁৱৰণী, দেওকন সোঁৱৰণী আৰু নৃপেন্দ্ৰ নাৰায়ণ সিংহ সোঁৱৰণী ফুটবল প্রতিযোগিতালৈ বাছনি কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।

June 18, 2024 12:16 PM

views 40

ইউ ই এফ এ ইউৰোপীয়ান ফুটবল চেম্পিয়নশ্বিপত শ্লোভাকিয়াৰ ইতিহাস

ইউ ই এফ এ ইউৰোপীয়ান ফুটবল চেম্পিয়নশ্বিপত শ্লোভাকিয়াই ইতিহাস ৰচিছে। জাৰ্মানীৰ ফ্ৰেংকফটত কালি গ্রুপ ই-ৰ এখন খেলত শ্লোভাকিয়াই বেলজিয়ামক ১-০ গলৰ ব্যৱধানত ফলাফলত পৰাস্ত কৰে। খেলখনৰ সাত মিনিটত ইভান স্ক্ৰাঞ্জৰ একমাত্ৰ গলৰ সহায়ত বিশ্বৰ ৪৮ সংখ্যক স্থানৰ দল শ্লোভাকিয়াই তৃতীয় স্থানৰ বেলজিয়াম দলৰ পৰা তিনি পইণ্ট লাভ কৰে। মিউনিখত অনুষ্ঠিত গ্রুপ ই-ৰ আন এখন খেলত ৰোমানিয়াই ইউক্রেইনক ৩-০ গলৰ ব্যৱধানত পৰাজিত কৰে। খেলখনৰ প্ৰথমার্ধত নিকোলা ষ্টেনচিউৱে ৰোমানিয়াক আগুৱাই লৈ যায় আৰু দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে ৰি...

June 15, 2024 1:55 PM

views 51

ইউৰো কাপ ২০২৪ৰ উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ’লত পৰাস্ত

ইউৰো কাপ ২০২৪ত মিউনিখৰ এলিয়ানজ এৰিনা ফুটবল ষ্টেডিয়ামত কালি অনুষ্ঠিত উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ'লত পৰাস্ত কৰে। আয়োজক দল জাৰ্মানীৰ হৈ খেলৰ প্ৰথমাৰ্ধত কাই হাভাৰ্টজ, ফ্লৰিয়ান উইটজ আৰু জামাল মুছিয়ালাই এটাকৈ গ'ল দিয়ে। দ্বিতীয়ার্ধত নিক্লাছ ফুলক্রুগ আৰু এমৰে কেনে এটাকৈ গ'ল দিয়ে। স্কটলেণ্ডৰ হৈ খেলৰ ৮৭ মিনিটত এণ্টনিঅ’ ৰুডিগাৰে এটা গ'ল দিবলৈ সমর্থ হয় । আজি কল'নত গ্ৰুপ এৰ এখন খেলত হাংগেৰীয়ে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। আনহাতে বাৰ্লিনত গ্রুপ বিৰ এখন খেলত ক্ৰ'ৱেচিয়া স্পেইনৰ মুখামুখি...

June 12, 2024 1:47 PM

views 47

ফিফা বিশ্বকাপ ২০২৬ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় পুৰুষ দল ১-২ গ’লত পৰাস্ত

ডোহাত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২৬ এ এফ চি কোৱালিফায়াৰ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত ভাৰতীয় পুৰুষ দলটোৱে বৰ্তমানৰ এছিয়ান চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে ১-২ গ’লত পৰাস্ত হয়। ভাৰতৰ হৈ ললিয়ানজুয়ালা ছাংটেই ৩৭ মিনিটত প্ৰথমটো গ'ল দি দলক অগ্রগতি প্ৰদান কৰে যদিও কাটাৰৰ যোচেফ আয়মেনে ৭৩ মিনিটত গল দিবলৈ সমৰ্থ হয়। খেলৰ ৮৫ মিনিটত কাটাৰৰ আহমেদ আল ৰাৱীয়ে আন এটা গলেৰে কাটাৰৰ জয় নিশ্চিত কৰে। এই পৰাজয়ৰ লগে লগে ভাৰতে এ এফ চি এছিয়ান কাপ ২০২৭ৰ বাবেও যোগ্যতা লাভৰ পৰা বঞ্চিত হৈছে।