মুম্বাই নিবাসী অসমৰ উদীয়মান খেলুৱৈ দিশান্ত বৰঠাকুৰে দেশৰ আগশাৰীৰ ফুটবল ক্লাব মুম্বাই চিটি এফ চি ৰ ১৩বছৰ অনূৰ্ধ্ব দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বিগত দুবছৰ ধৰি ছকাৰষ্টাৰজ ফুটবল ক্লাবৰ অধীনত প্ৰশিক্ষণ লৈ থকা দিশান্তই এতিয়াৰে পৰা ক্লাবটোৰ হৈ আই লীগ আৰু মুম্বাই ফুটবল সন্থা (এম এফ এ)ৰ বিভিন্ন খেলত অংশ লোৱাৰ সুযোগ পাব। বাওঁ ভৰিৰ ৰাইট উইংগাৰ হিচাপে ইতিমধ্যে দক্ষতা প্ৰদৰ্শন কৰা দিশান্তই ড্ৰিবলিং, শ্বুটিং, আৰু লং পাছত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে। উল্লেখযোগ্য যে, ফুটবলৰ লগতে ক্ৰিকেট আৰু টেনিছৰ ক্ষেত্ৰতো দিশান্তই আকৰ্ষণীয় প্ৰদৰ্শনেৰে সুখ্যাতি অৰ্জন কৰিছে৷ টেনিছত কেইবাটাও খিতাপ লাভ কৰা দিশান্ত ক্ৰিকেটৰ এগৰাকী বাওঁহতীয়া বেটাৰ৷ মুম্বাইৰ মেইনাদেৱী বাজাজ ইণ্টাৰনেশ্যনেল স্কুলত সপ্তম শ্ৰেণীত অধ্যয়ন কৰি থকা দিশান্ত গুৱাহাটীৰ গীতানগৰৰ সৌৰভ বৰঠাকুৰ আৰু তৃষ্ণা গোস্বামীৰ জ্যেষ্ঠ পুত্ৰ।
Assamese | December 18, 2024 1:01 PM | Football | Indian Sports
মুম্বাই চিটি এফ চিৰ ১৩ অনূৰ্ধ্ব দলত অসমৰ দিশান্ত বৰঠাকুৰ