চৰাইদেউ জিলাৰ মাহমৰা এটা ১৩ বছৰীয়া কিশোৰে মুম্বাই থকা ৰিলায়েন্স ফাউণ্ডেচন ইয়ং কেম্পত ফুটবলৰ ৫ বছৰীয়া আবাসিক প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে। মাহমৰা দিছাংকোষ অঞ্চলৰ তিলক ৰাজকোঁৱৰ আৰু জোনালী ৰাজকোঁৱৰৰ পুত্ৰ সমীৰ ৰাজকোঁৱৰ এই প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হোৱাত অঞ্চলটোৰ ক্রীড়ানুৰাগীসকল উৎফুল্লিত হৈ পৰিছে। মাহমৰা গৰৈমাৰী ক্রীড়া প্ৰকল্পত ফুটবল খেলৰ অনুশীলন কৰি দেশৰ আগশাৰীৰ আবাসিক প্রশিক্ষণ কেন্দ্ৰটোৰ বাবে নিৰ্বাচিত হোৱা সমীৰ ৰাজকোঁৱৰক চৰাইদেউ জিলা ক্রীড়া সন্থাৰ লগতে বিভিন্ন দল-সংগঠনে অভিনন্দন জনাইছে। মাহমৰা জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ সমীৰ ৰাজকোঁৱৰে মুম্বাইৰ এই ফুটবল প্রশিক্ষণ কেন্দ্ৰত ফুটবলৰ প্ৰশিক্ষণৰ লগতে বিনামূলীয়াকৈ অধ্যয়নৰো সুবিধা লাভ কৰিব।
Assamese | June 8, 2025 7:30 PM | Football
মুম্বাইৰ ৰিলায়েন্স ফাউণ্ডেচন ইয়ং কেম্পত ফুটবলৰ ৫ বছৰীয়া প্ৰশিক্ষণৰ বাবে চৰাইদেউৰ মাহমৰাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ সমীৰ ৰাজকোঁৱৰ নিৰ্বাচিত