■ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত আজি ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। জামচেদপুৰৰ জে আৰ ডি টাটা ক্রীড়া প্ৰকল্পত অনুষ্ঠিত এখন কোৱাৰ্টাৰ ফাইনেল খেলত জামচেদপুৰ ফুটবল ক্লাবক ২-০ গ’লত পৰাজিত কৰি দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে, কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াঙ্গনত অনুষ্ঠিত হ’বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেল খেলত মোহন বাগান ছুপাৰ জায়েণ্টছ দল ইষ্ট বেংগলৰ মুখামুখি হ’ব। মোহন বাগানে ১৮ তম ডুৰাণ্ড কাপ খিতাপ লাভৰ লক্ষ্যৰে আগবঢ়াৰ বিপৰীতে ইষ্ট বেংগল দলে ডুৰাও কাপৰ ১৭ তম খিতাপ লাভৰ লক্ষ্যৰে প্ৰতিযোগিতাত নামিছে। উল্লেখযোগ্য যে, ডুৰাণ্ড কাপ হৈছে এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি ফুটবল টুর্ণামেণ্ট।
Assamese | August 17, 2025 8:26 PM | Akashvani News | durand cup 2025 | Football | Indian Sports | SPORTS
ডুৰাণ্ড কাপ ফুটবলত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবৰ ছেমি ফাইনেলত প্ৰৱেশ