January 30, 2025 8:53 PM | Football

printer

ৰাজ্যৰ বিভিন্ন স্থানত ৭০ সংখ্যক লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা

ক্রীড়া আৰু যুৱ কল্যাণ বিভাগ আৰু গুৱাহাটী ক্রীড়া সন্থাৰ যৌথ উদ্যোগত ৰাজ্যৰ বিভিন্ন স্থানত এইবাৰ ৭০ সংখ্যক লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা চলি আছে। ক্লাষ্টাৰ পৰ্যায়ত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ আজি কেইবাখনো খেল আয়োজিত হয়। মৰিগাঁও মণ্ডলৰ খেলত জিলাখনৰ ৮টা দলে অংশগ্ৰহণ কৰিছে। মৰিগাঁও জিলা ক্রীড়া সন্থাৰ খেলপথাৰত আজি অনুষ্ঠিত উদ্বোধনী খেলখনত ভুৰবন্ধা নৱজ্যোতি সংঘই গড়মাৰী ৰাইনোজ ক্লাবক ৪-১ গ‘লত পৰাস্ত কৰে। যোৰহাটত অনুষ্ঠিত খেলখনত ৰঞ্জিত ক্লাব আৰু ৰমাকান্ত ফুটবল ক্লাবে গ‘লশূন্য ড্র’ খেলি পইণ্ট ভগাই লয়। আনহাতে বৰাক মণ্ডলৰ কাছাৰত অনুষ্ঠিত খেলত ৰংমেই নাগা য়ুথ ক্লাবে কল্লোল সংঘক ৩-১ গ‘লত পৰাস্ত কৰে। আন এখন খেলত মুনলাইট ক্লাবে ইউ এছ এ উধাৰবন্দক ৭-২ গ‘লত পৰাস্ত কৰে। হাইলাকান্দিত অনুষ্ঠিত খেলত এন জি অ‘ পেৰাডাইজ আৰু ভাতীৰকোপা ফুটবল ক্লাবে পইণ্ট ভগাই লয়। আন এখন খেলত ৰয়েল এছ‘চিয়েচনে ৰংমেই নাগা ডব্লিউ এ-ক ৯-১ গ‘লত পৰাস্ত কৰে। কাৰ্বি আংলঙত অনুষ্ঠিত খেলত য়ং গানছ ফুটবল ক্লাবে ৰেংমা ব্ৰাডাৰ্ছক ৪-২ আৰু নমাটি ফুটবল ক্লাবে কাছা ক্লাবক ৪-৩ গ‘লত পৰাস্ত কৰে। শ্ৰীভূমিত অনুষ্ঠিত খেলত য়ং মেন চিটীয়ে বনমালী স্পটৰ্ছ ক্লাবক ৪-২ গ‘লত পৰাজিত কৰে। আন এখন খেলত ৰিয়েল মিলান আৰু অপৰাজেয় ক্লাবে গ‘ল শূন্য ড্র’ খেলে। উত্তৰ অসম মণ্ডলৰ খেলসমূহ আজি শোণিতপুৰ, দৰং, লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হয়। শোণিতপুৰত অনুষ্ঠিত খেলত সোণাভিল ক্লাবে টেলেৰিয়া স্পটৰ্ছ ক্লাবক ২-০ আৰু টৌভাংগা ফুটবল ক্লাবে এ টি জি টি ইউনাইটেডক ৩-০ গ‘লত পৰাস্ত কৰে। দৰঙত অনুষ্ঠিত খেলত কেতলি বাংগ্রী ক্লাবে উত্তৰ মঙলদৈ ক্লাবক ২-০ গ‘লত পৰাস্ত কৰে।