September 28, 2024 10:39 AM

views 59

মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাত তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটোৱে আজি মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ ছেমি ফাইনেলত টাইৱানৰ শ্বে পে চান্দ আৰু হুং এ তুজুৰ বিৰুদ্ধে খেলিব। ভাৰতীয় সময় অনুসৰি খেলখন দিনৰ ১০ বাজি ৫০ মিনিটত আৰম্ভ হ'ব। তৃতীয় বাছনিৰ ভাৰতীয় যুটীটোৱে টাইৱানৰ শ্বু য়িন হুই আৰু রু লু য়ুক ২১-১২, ২১-১৭ত গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে।

September 13, 2024 9:20 PM

views 62

ভিয়েটনাম অ’পেন বেডমিণ্টনৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ ভাৰতৰ তনিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাৰ যুটি

ভাৰতৰ তনিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাৰ যুটিটো ভিয়েটনাম অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ক্ৰাষ্টো আৰু কপিলাৰ যুটীটোৱে আজি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰে সতীশ কুমাৰ কৰুণাকৰণ আৰু আদ্যা ৱৰিয়থৰ যুটীটোক ১৪-২১, ২১-১০, ২১-১৪ গেমত পৰস্ত কৰে। ইপিনে, এম থাৰুনে জাপানৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হৈ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে।

September 10, 2024 12:53 PM

views 68

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা আৰু জুনিয়ৰ ছোৱালী দলৰ দলীয় খিতাপ দখল

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইনড'ৰ ষ্টেডিয়ামত চলি থকা য়'নেক্স-ছানৰাইছ উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ মহিলা আৰু জুনিয়ৰ ছোৱালী দলে দলীয় শাখাত খিতাপ দখল কৰিছে। অৱশ্যে জুনিয়ৰ ল'ৰাৰ দলীয় শাখাৰ ফাইনেলত অসমৰ দলটো মিজোৰামৰ বিৰুদ্ধে ২-০ গেমৰ ব্যৱধানত পৰাস্ত হয়। ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ মহিলাৰ দলীয় শাখাৰ ফাইনেলত অসমে ৩-১ গেমৰ ব্যৱধানত মণিপুৰক পৰাস্ত কৰে। পুৰুষৰ একক শাখাৰ ফাইনেলত অৰুণাচল প্ৰদেশৰ দলটোৱে মিজোৰামক ৩-২ গেমত পৰাজিত কৰি প্ৰথমবাৰৰ বাবে খিত...

September 2, 2024 4:00 PM

views 68

ইউ এছ অপেন টেনিছত পুৰুষৰ ডাবলছৰ তৃতীয় ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটী পৰাস্ত

ইউ এছ অপেন টেনিছ প্রতিযোগিতাত পুৰুষৰ ডাবলছৰ তৃতীয় ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো পৰাস্ত হয়। দ্বিতীয় বাছনিপ্রাপ্ত ভাৰতৰ বোপন্না-এবডেন যুটী ষষ্ঠদশ বাছনিৰ আৰ্জেণ্টিনাৰ মেক্সিম গঞ্জালেজ আৰু এন্ড্ৰেছ মিিটনিৰ হাতত ১-৬, ৫-৭ ছেটত পৰাস্ত হয়। সুমিত নাগল পুৰুষৰ ছিংগলছৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ পৰা বাহিৰ হয়। আনহাতে য়ুকি ভান্ত্ৰী আৰু এন শ্ৰীৰাম বালাজীয়ে পুৰুষৰ ডাবলছৰ বিভিন্ন পৰ্যায়ত পৰাজয় বৰণ কৰে। ইফালে ভাৰতৰ ৰোহন বোপন্না আৰু ইন্দোনেছিয়াৰ এলডিলা ছুটজিয়াদি যুটীয়ে প্ৰতিয...

August 25, 2024 11:19 AM

views 48

১৫ বছৰ অনুৰ্ধৰ এছিয়া জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ তবি পাত্ৰীৰ ফাইনেলত প্ৰৱেশ

চীনৰ চেংডুত অনুষ্ঠিত ১৫ বছৰ অনুৰ্ধৰ এছিয়া জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ তবি পাত্ৰীয়ে ফাইনেলত প্ৰৱেশ কৰিছে। ১৫ বছৰ অনুৰ্থ শাখাত ছোৱালীৰ শীৰ্ষ বাচনিৰ খেলুৱৈ পাত্ৰীয়ে থাইলেণ্ডৰ ষষ্ঠ বাছনিৰ কুংককেও কাকানিক ২১–১৯, ২১-১০ত পৰাস্ত কৰে। পাত্ৰীয়ে ফাইনেলত ভিয়েটনামৰ দ্বিতীয় বাছনিৰ খেলুৱৈ নুৱেন থি তু হুইগেনৰ বিৰুদ্ধে খেলিব। ভিয়েটনামৰ খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত চীনৰ লিউ ইউ টঙক পৰাস্ত কৰে। আনহাতে ১৭ বছৰ অনুৰ্ধৰ ল'ৰাৰ ছিংগলছত জ্ঞান দাটু টিটি ইণ্ডোনেছিয়াৰ ৰাদিত্য বা'য়বর্ধনৰ হাতত পৰাস্ত হৈ ব্ৰ...

August 18, 2024 11:48 AM

views 49

১৫ আৰু ১৭ বছৰৰ অনুৰ্ধৰ জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ বাবে ভাৰতৰ ৩৯ জনীয়া দল চীনলৈ প্ৰেৰণ

ভাৰতীয় বেডমিণ্টন সংস্থাই মঙলবাৰে চীনৰ চেংদুত আৰম্ভ হ'বলগীয়া ১৫ আৰু ১৭ বছৰৰ অনুৰ্ধৰ জুনিয়ৰ চেম্পিয়নশ্বিপৰ বাবে এটা ৩৯ জনীয়া দল প্ৰেৰণ কৰিছে। জ্ঞান দত্ত আৰু তনৱি ৰেড্ডীয়ে ১৭ বছৰ অনুৰ্ধৰ দলটোৰ নেতৃত্ব বহন কৰাৰ বিপৰীতে শ্যাম বিন্দিগনৱিলে আৰু তৱি পত্ৰিয়ে ১৫ বছৰ অনুৰ্ধৰ দলটোৰ নেতৃত্ব বহন কৰিব । ছাইনা মণিমুতুই ১৭ বছৰ অনুৰ্ধৰ ছিংগলছৰ উপৰি এক্যা ছেট্টীৰ সৈতে ডাবলছতো অংশগ্রহণ কৰিব। চীনত অনুষ্ঠিত যোৱাবাৰৰ সংস্কৰণত ভাৰতে এটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। বৰ্ণিল চাংমাই ল'ৰাল ১৭ বছৰ অনুৰ...

August 13, 2024 3:31 PM

views 56

ড’পিং বিৰোধী নীতি-নিয়ম ভংগ কৰাৰ বাবে পেৰা শ্বাটলাৰ প্ৰমোদ ভগতক ১৮ মাহৰ বাবে নিলম্বন বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ

বিশ্ব বেডমিণ্টন ফেডাৰেচনে ড’পিং বিৰোধী নীতি-নিয়ম ভংগ কৰাৰ বাবে পেৰা শ্বাটলাৰ প্ৰমোদ ভগতক ১৮ মাহৰ বাবে নিলম্বন কৰিছে। এই প্রতিবন্ধকতাৰ বাবে খেলুৱৈগৰাকীয়ে পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰিব।

July 28, 2024 12:01 PM

views 51

পেৰিছ অলিম্পিকত বেডমিণ্টনৰ গ্রুপ পৰ্যায়ত বেডমিণ্টন খেলুৱৈ ছিৰাগ চেট্টি, সাত্বিক সাইৰাজ ৰণকীৰেড্ডী আৰু লক্ষ সেনৰ জয়লাভ

ভাৰতীয় বেডমিণ্টন খেলুৱৈ ছিৰাগ চেট্টি, সাত্বিক সাইৰাজ ৰণকীৰেড্ডী আৰু লক্ষ সেনে পেৰিছ অলিম্পিকত বেডমিণ্টনত গ্রুপ পৰ্যায়ত নিজৰ নিজৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্রহণ কৰা লক্ষ সেনে গুৱাটেমালাৰ কেবিন কনক ২১–৮, ২২-১০ত পৰাস্ত কৰে। সেনে পৰৱৰ্তী খেলখন সোমবাৰে জুলিয়ান কেৰাগীৰ বিৰুদ্ধে খেলিব। আনহাতে পুৰুষৰ ডাবলছত ছিৰাগ চেট্টি আৰু সাত্বিক সাইৰাজ ৰণকীৰেড্ডীৰ যুটীটোৱে ফ্ৰান্সৰ লুকাচ কোৱী আৰু ৰোনান লাবৰক পৰাস্ত কৰে। ইপিনে, মহিলাৰ ডাবলছত ভাৰতৰ টানিছা ক্ৰাষ্টো আৰু অশ্বিনী পোনাপ্পাৰ ...

July 18, 2024 7:39 PM

views 64

চিলন মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিন্টনৰ বাবে ঘোষিত ভাৰতীয় দলত অসমৰ বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোঁহাইৰ স্থান লাভ

শ্রীলংকাৰ কলম্বোত অহা ২৫ জুলাইৰ পৰা হ'বলগীয়া চিলন মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিন্টন প্রতিযোগিতাৰ বাবে ঘোষিত ভাৰতীয় দলত অসমৰ বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোঁহাইয়ে স্থান লাভ কৰিছে। বিজয় বর্মনে প্রতিযোগিতাখনৰ ৫৫ বছৰ উৰ্দ্ধৰ ডাবলছ আৰু ৫০ বছৰ উৰ্দ্ধৰ মিক্সড ডাবলছ শাখাত অৱতীৰ্ণ হ'ব। ৫৫ বছৰ উৰ্দ্ধৰ ডাবলছত বিজয় বৰ্মনৰ সৈতে অৰূপ বুঢ়াগোঁহাইয়ে যুটী বান্ধিব। উল্লেখযোগ্য যে ২০২৩ চনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপতো বিজয় বর্মন আৰু অৰূপ বুঢ়াগোঁহাইয়ে ভাৰতীয় দলক প্রতিনিধিত্ব কৰিছে।

July 12, 2024 9:52 AM

views 47

ব্ৰাৱো অপেন ছেলেঞ্জাৰ টেনিছত পুৰুষ ডাবলছৰ ছেমি ফাইনেলত এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটী

■ ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু ইকুৱেডৰৰ গোঞ্জালো এস্কোবাৰৰ যুটীটো ব্ৰাৱো অপেন ছেলেঞ্জাৰ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু ইকুৱেডৰ যুটীটোৱে কালি কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিলৰ মাৰ্ছেলো ডেমোলিনৰ আৰু আৰ্জেণ্টিনাৰ গুইলের্মো দুৰানৰ যুটীটোক ৬-৪, ৬-২ পোনপটীয়া ছেটত পৰাস্ত কৰে। বালাজী আৰু এস্কোবাৰৰ শীৰ্ষ বাছনিপ্ৰাপ্ত যুটীটো আজি ছেমি ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত ইউক্রেইনৰ ডেনিছ মোলছানোভ আৰু নেডাৰলেণ্ডছৰ মাৱে মিডেলকুপৰ সন্মুখীন হ'ব।