September 2, 2024 4:00 PM | Badminton | US Open 2024

printer

ইউ এছ অপেন টেনিছত পুৰুষৰ ডাবলছৰ তৃতীয় ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটী পৰাস্ত

ইউ এছ অপেন টেনিছ প্রতিযোগিতাত পুৰুষৰ ডাবলছৰ তৃতীয় ৰাউণ্ডত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো পৰাস্ত হয়। দ্বিতীয় বাছনিপ্রাপ্ত ভাৰতৰ বোপন্না-এবডেন যুটী ষষ্ঠদশ বাছনিৰ আৰ্জেণ্টিনাৰ মেক্সিম গঞ্জালেজ আৰু এন্ড্ৰেছ মিিটনিৰ হাতত ১-৬, ৫-৭ ছেটত পৰাস্ত হয়। সুমিত নাগল পুৰুষৰ ছিংগলছৰ প্ৰাৰম্ভিক ৰাউণ্ডৰ পৰা বাহিৰ হয়। আনহাতে য়ুকি ভান্ত্ৰী আৰু এন শ্ৰীৰাম বালাজীয়ে পুৰুষৰ ডাবলছৰ বিভিন্ন পৰ্যায়ত পৰাজয় বৰণ কৰে। ইফালে ভাৰতৰ ৰোহন বোপন্না আৰু ইন্দোনেছিয়াৰ এলডিলা ছুটজিয়াদি যুটীয়ে প্ৰতিযোগিতাৰ মিক্সড ডাবলছ শাখাত আশা সজীৱ কৰি ৰাখিছে।