ভাৰতীয় বেডমিণ্টন সংস্থাই মঙলবাৰে চীনৰ চেংদুত আৰম্ভ হ’বলগীয়া ১৫ আৰু ১৭ বছৰৰ অনুৰ্ধৰ জুনিয়ৰ চেম্পিয়নশ্বিপৰ বাবে এটা ৩৯ জনীয়া দল প্ৰেৰণ কৰিছে। জ্ঞান দত্ত আৰু তনৱি ৰেড্ডীয়ে ১৭ বছৰ অনুৰ্ধৰ দলটোৰ নেতৃত্ব বহন কৰাৰ বিপৰীতে শ্যাম বিন্দিগনৱিলে আৰু তৱি পত্ৰিয়ে ১৫ বছৰ অনুৰ্ধৰ দলটোৰ নেতৃত্ব বহন কৰিব । ছাইনা মণিমুতুই ১৭ বছৰ অনুৰ্ধৰ ছিংগলছৰ উপৰি এক্যা ছেট্টীৰ সৈতে ডাবলছতো অংশগ্রহণ কৰিব। চীনত অনুষ্ঠিত যোৱাবাৰৰ সংস্কৰণত ভাৰতে এটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিছিল। বৰ্ণিল চাংমাই ল’ৰাল ১৭ বছৰ অনুৰ্ধৰ শাখাত সোণৰ পদক অৰ্জন কৰিছিল। উল্লেখযোগ্য যে, ভাৰতে অহা বছৰ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ আয়োজন কৰিব।
Assamese | August 18, 2024 11:48 AM | Badminton
১৫ আৰু ১৭ বছৰৰ অনুৰ্ধৰ জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ বাবে ভাৰতৰ ৩৯ জনীয়া দল চীনলৈ প্ৰেৰণ