July 18, 2024 7:39 PM | Badminton | SPORTS

printer

চিলন মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিন্টনৰ বাবে ঘোষিত ভাৰতীয় দলত অসমৰ বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোঁহাইৰ স্থান লাভ

শ্রীলংকাৰ কলম্বোত অহা ২৫ জুলাইৰ পৰা হ’বলগীয়া চিলন মাষ্টাৰ্ছ আন্তর্জাতিক বেডমিন্টন প্রতিযোগিতাৰ বাবে ঘোষিত ভাৰতীয় দলত অসমৰ বিজয় বৰ্মন আৰু অৰূপ বুঢ়াগোঁহাইয়ে স্থান লাভ কৰিছে। বিজয় বর্মনে প্রতিযোগিতাখনৰ ৫৫ বছৰ উৰ্দ্ধৰ ডাবলছ আৰু ৫০ বছৰ উৰ্দ্ধৰ মিক্সড ডাবলছ শাখাত অৱতীৰ্ণ হ’ব। ৫৫ বছৰ উৰ্দ্ধৰ ডাবলছত বিজয় বৰ্মনৰ সৈতে অৰূপ বুঢ়াগোঁহাইয়ে যুটী বান্ধিব। উল্লেখযোগ্য যে ২০২৩ চনত দক্ষিণ কোৰিয়াত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপতো বিজয় বর্মন আৰু অৰূপ বুঢ়াগোঁহাইয়ে ভাৰতীয় দলক প্রতিনিধিত্ব কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।