চীনৰ চেংডুত অনুষ্ঠিত ১৫ বছৰ অনুৰ্ধৰ এছিয়া জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ তবি পাত্ৰীয়ে ফাইনেলত প্ৰৱেশ কৰিছে। ১৫ বছৰ অনুৰ্থ শাখাত ছোৱালীৰ শীৰ্ষ বাচনিৰ খেলুৱৈ পাত্ৰীয়ে থাইলেণ্ডৰ ষষ্ঠ বাছনিৰ কুংককেও কাকানিক ২১–১৯, ২১-১০ত পৰাস্ত কৰে। পাত্ৰীয়ে ফাইনেলত ভিয়েটনামৰ দ্বিতীয় বাছনিৰ খেলুৱৈ নুৱেন থি তু হুইগেনৰ বিৰুদ্ধে খেলিব। ভিয়েটনামৰ খেলুৱৈগৰাকীয়ে ছেমি ফাইনেলত চীনৰ লিউ ইউ টঙক পৰাস্ত কৰে। আনহাতে ১৭ বছৰ অনুৰ্ধৰ ল’ৰাৰ ছিংগলছত জ্ঞান দাটু টিটি ইণ্ডোনেছিয়াৰ ৰাদিত্য বা’য়বর্ধনৰ হাতত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰে ।
Assamese | August 25, 2024 11:19 AM | Badminton
১৫ বছৰ অনুৰ্ধৰ এছিয়া জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতৰ তবি পাত্ৰীৰ ফাইনেলত প্ৰৱেশ