ভাৰতীয় বেডমিণ্টন খেলুৱৈ ছিৰাগ চেট্টি, সাত্বিক সাইৰাজ ৰণকীৰেড্ডী আৰু লক্ষ সেনে পেৰিছ অলিম্পিকত বেডমিণ্টনত গ্রুপ পৰ্যায়ত নিজৰ নিজৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্রহণ কৰা লক্ষ সেনে গুৱাটেমালাৰ কেবিন কনক ২১–৮, ২২-১০ত পৰাস্ত কৰে। সেনে পৰৱৰ্তী খেলখন সোমবাৰে জুলিয়ান কেৰাগীৰ বিৰুদ্ধে খেলিব। আনহাতে পুৰুষৰ ডাবলছত ছিৰাগ চেট্টি আৰু সাত্বিক সাইৰাজ ৰণকীৰেড্ডীৰ যুটীটোৱে ফ্ৰান্সৰ লুকাচ কোৱী আৰু ৰোনান লাবৰক পৰাস্ত কৰে। ইপিনে, মহিলাৰ ডাবলছত ভাৰতৰ টানিছা ক্ৰাষ্টো আৰু অশ্বিনী পোনাপ্পাৰ যুটীটো বিশ্বৰ অষ্টম বাছনিৰ যুটী কোৰিয়া গণৰাজ্যৰ কিম ছ’ ইয়ং আৰু কং হি য়ঙৰ হাতত পৰাস্ত হয়।
Assamese | July 28, 2024 12:01 PM | Badminton | Paris Olympic 2024
পেৰিছ অলিম্পিকত বেডমিণ্টনৰ গ্রুপ পৰ্যায়ত বেডমিণ্টন খেলুৱৈ ছিৰাগ চেট্টি, সাত্বিক সাইৰাজ ৰণকীৰেড্ডী আৰু লক্ষ সেনৰ জয়লাভ