June 13, 2024 7:54 PM

views 58

অষ্ট্ৰেলিয়ান অ’পেন বেডমিণ্টনৰ পুৰুষৰ ছিংগলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ এইচ এছ প্ৰণয় আৰু সমীৰ বার্মা

ভাৰতৰ বেডমিণ্টন খেলুৱৈ এইচ এছ প্ৰণয় আৰু সমীৰ বার্মা অষ্ট্ৰেলিয়ান অ'পেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছিডনীত আজি অনুষ্ঠিত ৰাউণ্ড অব ছিক্সটিনৰ এখন খেলত পঞ্চম বাছনিৰ প্ৰণয়ে কেৱল মাত্র ৪৬ মিনিটত ইজৰাইলৰ মিশা জীবাৰমানক ২১-১৭, ২১–১৫ গেমত পৰাস্ত কৰে। আনখন খেলত সমীৰ বাৰ্মাই অষ্টম বাচনিৰ ছিংগাপুৰৰ লো কিয়ান য়ুইক ২১-১৪, ১৪-২১, ২১–১৯ গেম পৰাস্ত কৰে। পৰৱৰ্তী ৰাউণ্ডত কাইলৈ প্ৰণয়ে দ্বিতীয় বাছনিৰ জাপানৰ কোদায় নাৰৱাকাৰ বিৰুদ্ধে খেলিব। আনহাতে সমীৰ বাৰ্মা চীনাটাইপে ছু-ই-লিনৰ ব...

May 31, 2024 8:23 PM

views 46

ছিংগাপুৰ বেডমিণ্টন অ’পেন-২০২৪ ৰ মহিলাৰ ডাবলছত ছেমি ফাইনেলত প্ৰৱেশ ত্যা জল্লী আৰু গায়ত্ৰী গোপীচান্দৰ যুটী

ভাৰতৰ শ্বালাৰ ত্যা জল্লী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটোৱে ছিংগাপুৰ বেডমিণ্টন অ'পেন-২০২৪ প্রতিযোগিতাৰ মহিলাৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। তৃষা আৰু গায়ত্ৰীয়ে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ কিম চো ইয়ং আৰু কং হী য়ঙৰ যুটীটোক ১৮-২১, ২১-১৯, ২৪-২২ গেমত পৰাস্ত কৰে। প্ৰথমটো গেম ১৮-২১ত হৰাৰ পাছত ভাৰতীয় শ্বালাৰ যুটীটোৱে শক্তিশালী প্ৰদৰ্শনেৰে পৰৱৰ্তী দুয়োটা গেমতে জয়লাভ কৰি ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। কাইলৈ হ'বলগীয়া ছেমি ফাইনেলত তৃষা আৰু গায়ত্ৰী জাপানৰ নামি মাটছুয়া...

May 25, 2024 8:30 PM

views 58

বিশ্ব টেবল টেনিছ কনটেণ্ডাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত ভাৰতৰ মানুষ উৎপলভাই শ্বাহ আৰু মানৱ বিকাশ ঠক্কৰ

ভাৰতৰ মানুষ উৎপলভাই শ্বাহ আৰু মানৱ বিকাশ ঠক্কৰে ৰিঅ’ডি জেনেৰিঅ’ত অনুষ্ঠিত বিশ্ব টেবল টেনিছ কনটেণ্ডাৰ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। মানুষ আৰু মানৱৰ যুটীটোৱে আজি কোৱাৰ্টাৰ ফাইনেলৰ লুকাছ ৰোমানছকি আৰু ফেলিপে ডোটিৰ যুটীটো ৩-০ ফলাফলত পৰাস্ত কৰে। ভাৰতীয় যুটীটোৱে আজি সন্ধিয়া ছেমি ফাইনেলত ফ্ৰান্সৰ লিলিয়ান বাৰ্ডেৰ্ট আৰু জুলছ ৰোলাণ্ডৰ সন্মুখীন হ’ব। 

May 25, 2024 5:50 PM

views 56

মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত অৱতীৰ্ণ ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধু

ভাৰতীয় তাৰকা শ্বাটলাৰ পি ভি সিন্ধুৱে আজি কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ছেমিফাইনেলত থাইলেণ্ডৰ বুছানন অংবামৰাংফানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। সিন্ধুৱে কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুক পৰাস্ত কৰে। আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অস্মিতা চলিহা চীনৰ ঝেং য়ি মেনৰ হাতত পৰাজিত হৈছিল।

May 19, 2024 7:13 PM

views 58

সাত্বিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ থাইলেণ্ড অপেনৰ খিতাপ অৰ্জন

সাত্বিকসাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৱে থাইলেণ্ড অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে। সাত্বিকসাইৰাজ আৰু চিৰাগৰ যুটীটোৱে আজি ফাইনেলত চীনৰ চেন বো য়াং আৰু লিউ ইক ২১-১৫, ২১-১৫ পোনপটীয়া গেমত পৰাস্ত কৰে। সাত্বিক আৰু চিৰাগৰ যুটীটোৱে ২০১৯ চনত এই প্রতিযোগিতাতে প্ৰথমটো চুপাৰ চিৰিজ খিতাপ লাভ কৰিছিল।

May 9, 2024 8:54 PM

views 53

অসম চিনিয়ৰ্ছ বেডমিন্টন ক্লাবৰ উদ্যোগত ৩ দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফকুন ইনডৰ ষ্টেডিয়ামত কাইলৈৰ পৰা তিনি-দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। উত্তৰ-পূবৰ লগতে ভূটান, নেপালৰ খেলুৱৈয়ে এই চেম্পিয়নশ্বিত অংশ ল'ব। আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আৰক্ষী সেৱাৰ বিষয়া প্ৰদীপ কুমাৰে এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। আয়োজকসকলৰ মতে কাইলৈ সন্ধিয়া ৬ বজাত চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং উ...

May 2, 2024 12:13 PM

views 82

থমাছ কাপ বেডমিণ্টন প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ভাৰতীয় পুৰুষ দল ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ১-৪ ব্যৱধানত পৰাস্ত

◊ ভাৰতীয় পুৰুষ দলটো কালি চীনৰ চেংডুত অনুষ্ঠিত থমাছ কাপ বেডমিণ্টন প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ত ইণ্ডোনেছিয়াৰ বিৰুদ্ধে ১-৪ ব্যৱধানত পৰাস্ত হয়। ভাৰতীয় দলটোৱে ইতিমধ্যে গ্রুপ পর্যায়ত ইংলেণ্ড আৰু থাইলেণ্ডৰ বিৰুদ্ধে জয়েৰে কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে যদিও ইন্দোনেছিয়া হাতত পৰাজিত হৈ গ্ৰুপৰ শীৰ্ষ স্থানৰ পৰা অৱনমিত হৈছে। কালি প্ৰথমখন খেলত ভাৰতৰ এইচ এছ প্রণয়ে এন্থনী চিনিচুকা গিণ্টিংক ১৩-২১, ২১-১২, ২১–১২ গে’মত পৰাস্ত কৰি দেশক ১-০ অগ্রগতি প্ৰদান কৰে। অৱশ্যে ডাবল্‌ছত সাত্বিক চাইৰাজ ৰণকিৰেড্ডী ...

May 1, 2024 1:12 PM

views 65

ভাৰতত অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

ভাৰতে ২০২৪ বৰ্ষৰ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আয়োজন কৰিব। গুৱাহাটীৰ নেশ্যনেল চেণ্টাৰ অব এক্সিলেন্সত এই প্রতিযোগিতাৰ আয়োজন কৰা হ'ব। বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যন বি ডব্লিউ এফৰ সভাপতি প'ল এৰিক হোয়ৰে কৈছে যে ভাৰতত যুৱ বেডমিণ্টন প্রতিভাৰ উত্থান ঘটা পৰিলক্ষিত হৈছে। তেওঁ লগতে কয় যে এই ক্ষেত্ৰত বি ডব্লিউ এফে ভাৰতত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আয়োজন কৰাটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। প্ৰতিযোগিতাৰ সূচী পিছত ঘোষণা কৰা হ'ব। ইয়াৰ পূৰ্বে ২০০৮ চনত পুণেত বিশ্ব জুনিয়ৰ বেডমিণ্টন প...

April 9, 2024 8:18 PM

views 53

লণ্ডনত হ’বলগীয়া ১০৬ সংখ্যক জ্যেষ্ঠ বেডমিণ্টন প্রতিযোগিতাত অৰূপ বুঢ়াগোহাঁইৰ অংশগ্ৰহণ

লখিমপুৰৰ অৰূপ বুঢ়াগোহাঁয়ে অহা ১২ ৰ পৰা ১৪ এপ্ৰিললৈ লণ্ডনত হ'বলগীয়া ১০৬ সংখ্যক জ্যেষ্ঠ বেডমিণ্টন প্রতিযোগিতাত পুৰুষৰ ৫০ বছৰৰ উৰ্ধৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ প্ৰতিযোগিতাৰ ডাবলছত গুজৰাটৰ উন্নীকৃষ্ণন বাৰ্মাৰ সৈতে অৱতীৰ্ণ হ'ব।

April 9, 2024 12:12 PM

views 78

চীনৰ নিংবোত আজিৰে পৰা চলিত বৰ্ষৰ এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতা

চীনৰ নিংবোত আজিৰে পৰা চলিত বৰ্ষৰ এছিয়া চেম্পিয়নশ্বিপ বেডমিণ্টন প্রতিযোগিতাৰ আৰম্ভ হ'ব। প্রতিযোগিতাত ভাৰতৰ হৈ এইচ এছ প্ৰণয়, কিদাম্বী শ্রীকান্ত, লক্ষ্য সেন আৰু পি ভি সিন্ধুকে ধৰি কেইবাগৰাকীও আগশাৰীৰ খেলুৱৈয়ে অংশগ্রহণ কৰিব। পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত এইচ এছ প্ৰণয় চীনৰ লু গুৱাজঝৌ আৰু কিদাম্বী শ্রীকান্ত ইণ্ডোনেছিয়াৰ এনথনী গিংটিঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে লক্ষ্য সেন প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডত শীৰ্ষ বাছনিপ্ৰাপ্ত ছি য়ু কীৰ মুখামুখি হ'ব। ভাৰতৰ আন এগৰাকী খেলুৱৈ প্রিয়াংশু ৰাজাৱাটে মালয়েছিয়াৰ...