ভাৰতৰ শ্বালাৰ ত্যা জল্লী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটোৱে ছিংগাপুৰ বেডমিণ্টন অ’পেন-২০২৪ প্রতিযোগিতাৰ মহিলাৰ ডাবলছ শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। তৃষা আৰু গায়ত্ৰীয়ে আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ কিম চো ইয়ং আৰু কং হী য়ঙৰ যুটীটোক ১৮-২১, ২১-১৯, ২৪-২২ গেমত পৰাস্ত কৰে। প্ৰথমটো গেম ১৮-২১ত হৰাৰ পাছত ভাৰতীয় শ্বালাৰ যুটীটোৱে শক্তিশালী প্ৰদৰ্শনেৰে পৰৱৰ্তী দুয়োটা গেমতে জয়লাভ কৰি ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰে। কাইলৈ হ’বলগীয়া ছেমি ফাইনেলত তৃষা আৰু গায়ত্ৰী জাপানৰ নামি মাটছুয়ামা আৰু চিহাৰু চিদাৰ যুটীটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | May 31, 2024 8:23 PM | Badminton | Singapore Badminton Open-2024 | SPORTS
ছিংগাপুৰ বেডমিণ্টন অ’পেন-২০২৪ ৰ মহিলাৰ ডাবলছত ছেমি ফাইনেলত প্ৰৱেশ ত্যা জল্লী আৰু গায়ত্ৰী গোপীচান্দৰ যুটী