November 12, 2024 2:50 PM

views 65

জাপান মাষ্টাৰ্ছ ছুপাৰ-500 বেডমিণ্টনত ভাৰতৰ পি ভি সিন্ধু আৰু লক্ষ্য সেনে অংশগ্ৰহণ কৰিব

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু আৰু লক্ষ্য সেনে আজি আৰম্ভ হ’বলগীয়া জাপান মাষ্টাৰ্ছ ছুপাৰ ফাইভ হান্ড্রেড বেডমিণ্টন প্রতিযোগিতাত ভাগ ল’ব। সিন্ধু কাইলৈ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বী বুছানন অংবামৰুংফানৰ সন্মুখীন হ'ব। ইপিনে, পুৰুষৰ ছিংগলছত লক্ষ্য সেন মালয়েছিয়াৰ লিয়ন জুন হাওৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

November 12, 2024 8:52 AM

views 67

জাপান মাষ্টাৰ্ছ ছুপাৰ-৫০০ বেডমিণ্টনত পি ভি সিন্ধু আৰু লক্ষ্য সেনে অংশগ্ৰহণ কৰিব

ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু আৰু লক্ষ্য সেনে আজিৰ পৰা আৰম্ভ হ'বলগীয়া জাপান মাষ্টাৰ্ছ ছুপাৰ ফাইভ হান্ড্রেড বেডমিণ্টন প্রতিযোগতাত অংশগ্ৰহণ কৰিব। সিন্ধু কাইলৈ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত নিজৰ প্ৰথমখন খেলত থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বি বুছানান অংবামৰুংফানৰ মুখামুখি হ’ব। ইপিনে, পুৰুষৰ ছিংগলছত লক্ষ্য সেন মালয়েছিয়াৰ লিয়ন জুন হাওৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে মহিলাৰ ডাবলছত ভাৰতৰ গায়ত্ৰী গোপীছান্দ আৰু তৃষা জলীৰ যুটীটোৱে চীনা টাইপেইৰ শ্বু য়িন হুই আৰু লীন ঝিহ য়ুনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। প্ৰতিযোগি...

November 2, 2024 12:35 PM

views 60

মালৱিকা বানছড় আৰু আয়ুষ ছেট্টী হাইলো অপেন বেডমিণ্টনৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ মালৱিকা বানছড় আৰু আয়ুষ ছেট্টীয়ে জাৰ্মানীৰ ছাৰব্ৰুকেইনত অনুষ্ঠিত হাইলো অপেন বেডমিণ্টনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে, মহিলাৰ একক শাখাত ষষ্ঠ বাছনিৰ মালৱিকা বানছ'ড়ে ভিয়েটনামৰ চতুৰ্থ বাছনিৰ গুৱেইন থুই লিনহেক পৰাস্ত কৰে। ছেমি ফাইনেলত আজি আজি তেওঁ ডেনমাৰ্কৰ জুলি ডাবল জেকবসেনৰ মুখামুখি হ'ব। ইফালে, পুৰুষৰ একক শাখাত ১৯ বছৰীয়া আয়ুষ ছেট্টীয়ে ফিনলেণ্ডৰ কল্পে কোলজোনেনক পৰাস্ত কৰে। তেওঁ আজি ফাইনেলত ফ্ৰান্সৰ ক্ৰিষ্টো প পভৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

October 31, 2024 12:08 PM

views 59

ভাৰতৰ আয়ুষ চেট্টি আৰু সতীশ কুমাৰ কৰুণাকৰণ হাইলো অপেন ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ আয়ুষ চেট্টি আৰু সতীশ কুমাৰ কৰুণাকৰণ জাৰ্মানীত অনুষ্ঠিত হাইলো অপেন ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আয়ুষ চেট্টীয়ে কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত ফিনলেণ্ডৰ জোকিম অ'ল্ডফ'ৰ্ডক ২১-১২-২১-১৭ গেমত পৰাস্ত কৰাৰ বিপৰীতে সতীশ কৰুণাকৰণে সতীৰ্থ খেলুৱৈ ছিৰাগ সেনক ২২–২০, ২২-২৪, ১৭-২১ গেমত পৰাভূত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ থাকন মনেপল্লী অষ্ট্ৰিয়াৰ কোলিন্স ভেলেণ্টাইন ফিলিমোনৰ হাতত ১৯-২১, ১৯-২১ গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ প...

October 25, 2024 7:42 PM

views 65

ডিব্ৰুগড়ত সৰ্বভাৰতীয় পৰ্যায়ৰ ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতাত সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

ডিব্ৰুগড়ত সৰ্বভাৰতীয় পৰ্যায়ৰ ছাব জুনিয়ৰ ৰেংকিং বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হৈছে। আজি এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে। উদ্বোধনী ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে, ডিব্ৰুগড় চহৰত এনে এখন সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো সমগ্র অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে অতি আশাব্যঞ্জক। উল্লেখযোগ্য যে দেশৰ বিভিন্ন ৰাজ্যৰ খেলুৱৈয়ে এই প্রতিয়োগিতাত অংশগ্ৰহণ কৰিছে।

October 23, 2024 12:21 PM

views 62

কাইলৈৰ পৰা অষ্টাদশ এছ এছ বি আন্তঃফ্ৰণ্টিয়াৰ বেডমিণ্টন প্রতিযোগিতা

সশস্ত্র সীমা বল গুৱাহাটীৰ ফ্ৰণ্টিয়াৰ কাৰ্যালয়ে কাইলৈৰ পৰা অষ্টাদশ এছ এছ বি আন্তঃফ্ৰণ্টিয়াৰ বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত কৰিব। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰ কুমাৰকুচিত থকা লক্ষ্মীবাঈ নেচনেল ইনষ্টিউট অৱ ফিজিকেল এডুকেশ্বনত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অহা ২৭ অক্টোবৰত প্রতিযোগিতাৰ সামৰণি পৰিব।

October 17, 2024 11:08 AM

views 57

ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধু চীনৰ হান য়ুৰ সন্মুখীন

অলিম্পিক পদক বিজেতা পি ভি সিন্ধু আজি ডেনমার্ক অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ প্রি-কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান য়ুৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ডেৰ বজাত আৰম্ভ হ'ব।

October 10, 2024 5:13 PM

views 59

ARCTIC OPEN বেডমিণ্টনত লক্ষ্য সেন আৰু কিৰণ জৰ্জ পুৰুষৰ একক শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ফিনলেণ্ডৰ ৱাণ্টাত অনুষ্ঠিত ARCTIC OPEN বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ লক্ষ্য সেন আৰু কিৰণ জৰ্জ পুৰুষৰ একক শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কিৰণে কালি বিশ্বৰ ২৫ নম্বৰ খেলুৱৈ টাইৱানৰ ৱাং জু ৱেক ২৩-২১, ২১-১৮ পোনপটীয়া ছেটত পৰাস্ত কৰে। দ্বিতীয় পৰ্যায়ত আজি খেলুৱৈগৰাকী ইন্দোনেছিয়াৰ জোনাটন কৃষ্টিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে, লক্ষ্য সেনে টাইৱানত আজি বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী চৌ টিয়েন চেনৰ বিৰুদ্ধে খেলিব। ইপিনে, মহিলাৰ একক শাখাত ভাৰতৰ মালবিকা বাঞ্চ’ৰ, উন্নতি হোদা আৰু আকর্ষি কা...

October 9, 2024 6:44 PM

views 93

আর্কটিক অ’পেন ২০২৪ৰ প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেন

ভাৰতীয় শ্বাটলাৰ লক্ষ্য সেন আজি ফিনলেণ্ডৰ ভান্টাত অনুষ্ঠিত আর্কটিক অ'পেন ২০২৪ৰ প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আজি তেওঁ পুৰুষৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ খেলত ডেনমাৰ্কৰ ৰাছমুছ গেমকেৰ বিৰুদ্ধে খেলাৰ কথা আছিল যদিও গেমকেই প্ৰথম ৰাউণ্ডৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰাত সেনে ৱাক অভাৰ পায়। প্রতিযোগিতাত আজি অন্য এগৰাকী ভাৰতীয় শ্বাটলাৰ কিৰণ জৰ্জ চাইনিজ টাইপেইৰ ৱাং জু ৱেইৰ বিৰুদ্ধে খেলিব। মহিলাৰ একক শাখাত দুবাৰৰ অলিম্পিক পদক বিজয়ী পি.ভি. কালি প্ৰথম ৰাউণ্ডত কানাডাৰ মিচেল লিৰ হাতত পৰাস্ত হৈ প...

October 8, 2024 12:08 PM

views 79

ফিনলেণ্ডৰ ভাণ্টাত আজিৰে পৰা চলিত বৰ্ষৰ আর্কটিক অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ

ফিনলেণ্ডৰ ভাণ্টাত আজিৰে পৰা চলিত বৰ্ষৰ আর্কটিক অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ হ'ব। অহা ১৩ অক্টোবৰত ৬ দিনীয়া এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। পেৰিছ অলিম্পিকৰ পাছত ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু লক্ষ্য সেন প্ৰথমবাৰৰ পুনৰ প্ৰতিযোগিতাত নামিব। তদুপৰি অনুপ শ্ৰীধৰ আৰু কোৰিয়াৰ লী ছিউন ইলৰ অধীনত নতুনকৈ প্ৰশিক্ষণ লাভ কৰাৰ পাছত পি ভি সিন্ধুৰ এয়া হ'ব প্ৰথমখন প্রতিযোগিতা। ১২ জনীয়া সদস্যৰ ভাৰতীয় দলটোত কিদাম্বি শ্রীকান্তো আছে।