ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু আৰু লক্ষ্য সেনে আজিৰ পৰা আৰম্ভ হ’বলগীয়া জাপান মাষ্টাৰ্ছ ছুপাৰ ফাইভ হান্ড্রেড বেডমিণ্টন প্রতিযোগতাত অংশগ্ৰহণ কৰিব। সিন্ধু কাইলৈ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত নিজৰ প্ৰথমখন খেলত থাইলেণ্ডৰ প্ৰতিদ্বন্দ্বি বুছানান অংবামৰুংফানৰ মুখামুখি হ’ব। ইপিনে, পুৰুষৰ ছিংগলছত লক্ষ্য সেন মালয়েছিয়াৰ লিয়ন জুন হাওৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। একেদৰে মহিলাৰ ডাবলছত ভাৰতৰ গায়ত্ৰী গোপীছান্দ আৰু তৃষা জলীৰ যুটীটোৱে চীনা টাইপেইৰ শ্বু য়িন হুই আৰু লীন ঝিহ য়ুনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। প্ৰতিযোগিতাৰ যোগ্যতা অৰ্জনকাৰী ৰাউণ্ডৰ খেলসমূহ আজি খেলোৱা হ’ব যদিও ভাৰতীয় খেলুৱৈসকল কাইলৈৰ পৰা প্ৰতিদ্বন্দ্বিতাত নামিব।
Assamese | November 12, 2024 8:52 AM | Badminton | Badminton open | SPORTS
জাপান মাষ্টাৰ্ছ ছুপাৰ-৫০০ বেডমিণ্টনত পি ভি সিন্ধু আৰু লক্ষ্য সেনে অংশগ্ৰহণ কৰিব