ফিনলেণ্ডৰ ভাণ্টাত আজিৰে পৰা চলিত বৰ্ষৰ আর্কটিক অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ হ’ব। অহা ১৩ অক্টোবৰত ৬ দিনীয়া এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। পেৰিছ অলিম্পিকৰ পাছত ভাৰতৰ বেডমিণ্টন তাৰকা পি ভি সিন্ধু আৰু লক্ষ্য সেন প্ৰথমবাৰৰ পুনৰ প্ৰতিযোগিতাত নামিব। তদুপৰি অনুপ শ্ৰীধৰ আৰু কোৰিয়াৰ লী ছিউন ইলৰ অধীনত নতুনকৈ প্ৰশিক্ষণ লাভ কৰাৰ পাছত পি ভি সিন্ধুৰ এয়া হ’ব প্ৰথমখন প্রতিযোগিতা। ১২ জনীয়া সদস্যৰ ভাৰতীয় দলটোত কিদাম্বি শ্রীকান্তো আছে।
Assamese | October 8, 2024 12:08 PM | Badminton
ফিনলেণ্ডৰ ভাণ্টাত আজিৰে পৰা চলিত বৰ্ষৰ আর্কটিক অপেন বেডমিণ্টন প্রতিযোগিতা আৰম্ভ