ফিনলেণ্ডৰ ৱাণ্টাত অনুষ্ঠিত ARCTIC OPEN বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ লক্ষ্য সেন আৰু কিৰণ জৰ্জ পুৰুষৰ একক শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কিৰণে কালি বিশ্বৰ ২৫ নম্বৰ খেলুৱৈ টাইৱানৰ ৱাং জু ৱেক ২৩-২১, ২১-১৮ পোনপটীয়া ছেটত পৰাস্ত কৰে। দ্বিতীয় পৰ্যায়ত আজি খেলুৱৈগৰাকী ইন্দোনেছিয়াৰ জোনাটন কৃষ্টিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইপিনে, লক্ষ্য সেনে টাইৱানত আজি বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী চৌ টিয়েন চেনৰ বিৰুদ্ধে খেলিব। ইপিনে, মহিলাৰ একক শাখাত ভাৰতৰ মালবিকা বাঞ্চ’ৰ, উন্নতি হোদা আৰু আকর্ষি কাশ্যপেও আজি প্রি কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহত অৱতীৰ্ণ হ’ব। মালবিকাই থাইলেণ্ডৰ, উন্নতিয়ে কানাডাৰ আৰু আকর্ষি কাশ্যপে চীনৰ প্রতিদ্বন্দ্বীৰ সন্মুখীন হ’ব। মিক্সড্ ডাবল্ছ শিতানত সতীশ কুমাৰ কৰুণাকৰণ আৰু আদ্যা বৰিয়ত চীনৰ যুটি চেং জিং আৰু ঝাং চীৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
Assamese | October 10, 2024 5:13 PM | Badminton | SPORTS
ARCTIC OPEN বেডমিণ্টনত লক্ষ্য সেন আৰু কিৰণ জৰ্জ পুৰুষৰ একক শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ