November 2, 2024 12:35 PM | Badminton

printer

মালৱিকা বানছড় আৰু আয়ুষ ছেট্টী হাইলো অপেন বেডমিণ্টনৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ মালৱিকা বানছড় আৰু আয়ুষ ছেট্টীয়ে জাৰ্মানীৰ ছাৰব্ৰুকেইনত অনুষ্ঠিত হাইলো অপেন বেডমিণ্টনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে, মহিলাৰ একক শাখাত ষষ্ঠ বাছনিৰ মালৱিকা বানছ‘ড়ে ভিয়েটনামৰ চতুৰ্থ বাছনিৰ গুৱেইন থুই লিনহেক পৰাস্ত কৰে। ছেমি ফাইনেলত আজি আজি তেওঁ ডেনমাৰ্কৰ জুলি ডাবল জেকবসেনৰ মুখামুখি হ‘ব। ইফালে, পুৰুষৰ একক শাখাত ১৯ বছৰীয়া আয়ুষ ছেট্টীয়ে ফিনলেণ্ডৰ কল্পে কোলজোনেনক পৰাস্ত কৰে। তেওঁ আজি ফাইনেলত ফ্ৰান্সৰ ক্ৰিষ্টো প পভৰ সৈতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।