June 13, 2026 6:05 PM
41
অহা এক জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জি ৰাম জি আঁচনি ৰূপায়ণৰ সিদ্ধান্ত
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, যে অহা ১ জুলাইৰ পৰা বিকশিত ভাৰত জি ৰাম জি আঁচনি ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে গ্রাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বৰ্ষত দুহেজাৰ কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই আঁচনিৰ অধীনত পূৰ্বৰ ৯০ দিনৰ পৰিৱৰ্তে এতিয়া ১২৫ দিনৰ বাবে গাঁৱৰ জনসাধা...