June 13, 2026 6:05 PM

views 42

অহা এক জুলাইৰ পৰা ৰাজ্যত বিকশিত ভাৰত জি ৰাম জি আঁচনি ৰূপায়ণৰ সিদ্ধান্ত

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, যে অহা ১ জুলাইৰ পৰা বিকশিত ভাৰত জি ৰাম জি আঁচনি ৰূপায়ণ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে গ্রাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ'ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বৰ্ষত দুহেজাৰ কোটি টকা ব্যয় কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই আঁচনিৰ অধীনত পূৰ্বৰ ৯০ দিনৰ পৰিৱৰ্তে এতিয়া ১২৫ দিনৰ বাবে গাঁৱৰ জনসাধা...

June 13, 2026 1:45 PM

views 33

লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্রীসভাৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সম্প্রতি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্রীসভাৰ এখন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক আৰু প্ৰশাসনিক বিষয় লৈ আলোচনা হোৱাৰ সম্ভাবনা আছে। বৈঠকত বিশেষকৈ জনকল্যাণমূলক আঁচনি, উন্নয়নমূলক প্রকল্প আৰু প্ৰশাসনিক বিষয় সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ড° শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ এইখন তৃতীয়খন বৈঠক।

June 7, 2026 10:47 AM

views 44

ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত অসম মন্ত্রীসভাৰ উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত

অসম মন্ত্রীসভাই ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে ৫০০ কোটি টকা ধার্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্রশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনাইছে। এই পৰিষদৰ অধীনত নগৰখনৰ ২০ কিলোমিটাৰ ব্যাসার্ধলৈকে উন্নয়নমূলক কাম-কাজ কৰা হ'ব। এই অনুমোদনে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী ক্ষেত্র হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি অধ্যক্ষৰ দায়িত্ব লাভ কৰা শ্ৰীফুকনে প্ৰকাশ কৰিছে। কেবিনেট ম...

June 5, 2026 8:53 PM

views 40

দিছপুৰ লোকসেৱা ভৱনত আজি প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত

♦ দিছপুৰ লোকসেৱা ভৱনত আজি প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্রীসভাত স্থান লাভ কৰা ১২ গৰাকী মন্ত্ৰীয়ে শপতগ্ৰহণৰ কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হোৱা চৰকাৰখনৰ প্ৰথমখন মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। [video width="640" height="360" mp4="https://newsonair.gov.in/wp-content/uploads/2026/06/Prees-Meet-CMO-Assam.mp4"][/video] লোকসেৱা ভৱনত মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকে ধৰি সকলো মন্ত্রী উপস্থিত ...

June 4, 2026 7:23 PM

views 35

সম্প্ৰসাৰিত অসম মন্ত্রীসভাত স্থান লাভ কৰিবলগীয়া ১২গৰাকী মন্ত্ৰীৰ তালিকা প্রকাশ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্প্ৰসাৰিত অসম মন্ত্রীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা প্রকাশ কৰিছে। কিছু সময় পূর্বে সামাজিক মাধ্যম এক্সৰ যোগে মুখ্যমন্ত্রীয়ে কাইলৈ শপত গ্রহণ কৰিবলগীয়া ১২গৰাকী মন্ত্ৰীৰ তালিকা প্রকাশ কৰিছে। সম্প্ৰসাৰিত মন্ত্রীসভাত অশ্বিনী ৰয় সৰকাৰ, অশোক সিংহল, বিমল বৰা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেবী, পীযুষ হাজৰিকা, ডাঃ ৰণোজ পেণ্ড আৰু সুশান্ত বৰগোঁহাইয়ে স্থান লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্রীসকলৰ তালিকা ৰাজ...

June 4, 2026 10:32 AM

views 47

সম্প্ৰসাৰিত অসম মন্ত্রীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা

■ সম্প্ৰসাৰিত অসম মন্ত্রীসভাত স্থান লাভ কৰিবলগীয়া মন্ত্ৰীসকলৰ তালিকা আজি প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। কালি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক নতুন দিল্লীত কৰা সাক্ষাতৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীলৈ উভতি আহিছে। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে আলোচনামর্মে মুখ্যমন্ত্ৰীয়ে নতুন মন্ত্ৰীসকলক দায়িত্ব অর্পন কৰিব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসকলৰ তালিকা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দাখিল কৰিব। ইপিনে, খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অসম মন্ত্ৰীসভাৰ সম্...

January 10, 2026 12:39 PM

views 76

দিছপুৰৰ লোকসেৱা ভৱনত অসম মন্ত্ৰীসভাৰ বৈঠক

অসম মন্ত্রীসভাই জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া সবল কৰাৰ বাবে বিশেষ চৰকাৰী অধিবক্তাৰ পাঁচজনীয়া এটা দল নিযুক্তিত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠক পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই অধিবক্তাৰ দলটোৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আদালতত যুঁজ দিব। মন্ত্রীসভাই লগতে অসমবাসীৰ প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি সংৰক্ষণৰ বাবে পৰিয়াল আৰু শুভাকাংক্ষীয়ে গঠন কৰা জুবিন গাৰ্গ ন্যাসলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ কোটি টকা...

January 1, 2026 8:02 PM

views 65

সমগ্ৰ অসমৰ ১০০খন বিদ্যালয় নিৰ্মাণৰ বাবে ৪৫৫ কোটি টকাত অনুমোদন

মন্ত্রীসভাই বছৰৰ প্ৰথমখন বৈঠকত আজি সমগ্ৰ অসমৰ ১০০খন বিদ্যালয় নিৰ্মাণৰ বাবে ৪৫৫ কোটি টকাত অনুমোদন দিয়ে। মন্ত্রীসভাই লগতে এম এম চি এইছ আৰু কালাপাহাৰ চৌহদক কেন্দ্ৰ কৰি ৮০০খন বিছনাযুক্ত সাধাৰণ চিকিৎসালয়ৰ সৈতে এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ বাবে এহেজাৰ ২০১ কোটি ১৬ লাখ টকাৰ সংশোধিত প্রশাসনিক অনুমোদন জনায়।

December 28, 2025 10:31 AM

views 84

ভূমিৰ অধিকাৰ সুদৃঢ় কৰা আৰু প্ৰশাসনীয় সংস্কাৰৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ৰাজ্যত ভূমিৰ অধিকাৰ সুদৃঢ় কৰা, প্ৰশাসনীয় সংস্কাৰৰ প্ৰক্ৰিয়া আগুৱাই নিয়া আৰু আন্তঃগাঁথনিৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৰাজ্যিক মন্ত্রীসভাই কালি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, যে মন্ত্রীসভাই মুম্বাইৰ অসম ভৱনত কৰ্মৰত ৮ জন কৰ্মচাৰীক নিৰ্দিষ্ট দৰমহাৰ ঠিকাভিত্তিক কৰ্মচাৰী ৰূপে নিযুক্তি দিয়াৰ প্ৰস্তাৱতো অনুমোদন দিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে অসমৰ পৰা কৰ্কটকে ধৰি বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে মুম্বাইলৈ যোৱা লোকসকলক বিভিন্ন ধৰণে সহায় কৰা আৰু ম...

December 18, 2025 7:35 PM

views 73

বি টি চিলৈ ২৫০ কোটি টকা আবণ্টনত অসম মন্ত্রীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই বি টি চিলৈ ২৫০ কোটি টকা আবণ্টনৰ বাবে অনুমোদন জনাইছে। আজি দিছপুৰত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। মুখ্যমন্ত্রীয়ে চাহ শ্রমিকক ভূমি প্ৰদানৰ বাবে ভূমি চিলিং সংশোধন কৰা সন্দর্ভত মন্ত্রীসভাই অনুমোদন জনোৱাৰ কথাও উল্লেখ কৰে। এই সংশোধনীৰ ফলত সংশ্লিষ্ট জিলাৰ আয়ুক্তসকলে ভূমি আবণ্টনৰ কামত আগবাঢ়িব পাৰিব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। ধেমাজি জিলাৰ কাৰেং চাপৰিত চি আৰ পি এফৰ গ্ৰুপ চেণ্টাৰ স্থাপনৰ বাবে ৬০৭ বিঘা ভূমি আবণ্টনত ...