June 7, 2026 10:47 AM | assam cabinet

printer

ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত অসম মন্ত্রীসভাৰ উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত

অসম মন্ত্রীসভাই ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা ডিব্ৰুগড়ত উন্নয়ন পৰিষদ গঠনৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে ৫০০ কোটি টকা ধার্য কৰাৰ লগতে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্রশান্ত ফুকনক দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়াত অনুমোদন জনাইছে। এই পৰিষদৰ অধীনত নগৰখনৰ ২০ কিলোমিটাৰ ব্যাসার্ধলৈকে উন্নয়নমূলক কাম-কাজ কৰা হ’ব। এই অনুমোদনে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী ক্ষেত্র হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল’ব বুলি অধ্যক্ষৰ দায়িত্ব লাভ কৰা শ্ৰীফুকনে প্ৰকাশ কৰিছে। কেবিনেট মর্যাদাসহ এই দায়িত্ব লাভ কৰাৰ পাছত তেওঁ কয়, যে তাৎক্ষণিকভাবে ডিব্ৰুগড়লৈ এই প্রত্যক্ষ অনুমোদনে মহানগৰীখনৰ আন্তঃগাঁথনি উপযুক্ত ৰূপত নিৰ্মাণ কৰি ইয়াক ৰাজ্যৰ সাৰ্থক দ্বিতীয় ৰাজধানী হিচাপে গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব।