মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত ৰাজ্যিক মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়, যে অহা ১ জুলাইৰ পৰা বিকশিত ভাৰত জি ৰাম জি আঁচনি ৰূপায়ণ কৰা হ’ব। এই আঁচনিৰ জৰিয়তে গ্রাম্য নিয়োগ নিশ্চিত কৰাৰ লগতে সম্পদ সৃষ্টিত গুৰুত্ব আৰোপ কৰা হ’ব আৰু আঁচনিখন ৰূপায়ণ কৰাৰ বাবে চলিত বৰ্ষত দুহেজাৰ কোটি টকা ব্যয় কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই আঁচনিৰ অধীনত পূৰ্বৰ ৯০ দিনৰ পৰিৱৰ্তে এতিয়া ১২৫ দিনৰ বাবে গাঁৱৰ জনসাধাৰণৰ বাবে নিশ্চিত নিয়োগৰ সুবিধা প্ৰদান কৰা হ’ব।
ড° শৰ্মাই কয়, যে আঁচনিখনৰ অধীনত প্ৰতিখন পঞ্চায়তে প্রায় ১ কোটি টকাকৈ লাভ কৰিব। তেওঁ লগতে কয়, যে এক আগষ্টৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিয়মীয়াকৈ ধন লাভ কৰিব। ড° শৰ্মাই কয়, যে এতিয়াৰে পৰা ৰাজ্যত ১৮ বছৰৰ ওপৰৰ কোনো লোককে আধাৰ কাৰ্ড দিয়া নহয় বুলি মন্ত্রীসভাত সিদ্ধান্ত লোৱা হৈছে। ভৱিষ্যতে ১৮ বছৰ উৰ্ধৰ ব্যক্তিক আধাৰ কাৰ্ড প্ৰদান কৰিবলগীয়া হ’লে জিলা আয়ুক্তই ৰাজ্য চৰকাৰৰ অনুমতি ল’ব লাগিব বুলি তেওঁ প্ৰকাশ কৰে। ড° শৰ্মাই কয়, যে চাহ জনজাতি আৰু অনুসূচীত জাতি-জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ বাবে ছমাহৰ বাবে বিশেষ ৰেহাই দি অহা বছৰৰ ২৭ মার্চ পর্যন্ত আধাৰ কাৰ্ড প্ৰদানৰ ব্যৱস্থাটো বাহাল ৰখা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে মন্ত্রীসভাই লোকপ্রিয় গোপানীথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ আশেপাশে ছেটেলাইট চিটি নিৰ্মাণৰ উদ্দেশ্যে গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটী মহানগৰৰ বৰ্তমানৰ সীমাৰ ভিতৰতে এই প্রকল্প আবদ্ধ থাকিব বুলি তেওঁ সাংবাদিকৰ আগত প্ৰকাশ কৰে। ড° শৰ্মাই কয়, যে মন্ত্রীসভাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াৰ ডেপুটেচনৰ ক্ষেত্ৰতো কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই অনুসৰি নিৰ্দিষ্ট সময় সম্পূৰ্ণ হোৱাৰ পূৰ্বে ডেপুটেচনৰ বাবে আবেদন কৰিলে পূৰ্বৰ মুখ্যমন্ত্ৰীৰ একক অনুমোদনৰ সলনি এতিয়াৰে পৰা কেইবাটাও স্বর্ত সাপেক্ষে মন্ত্রীসভাইহে এই আবেদনসমূহ মঞ্জুৰ কৰিব পাৰিব। তেওঁ লগতে কয়, যে ৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২১ দিনতকৈ অধিক সময়ৰ বাবে চলিবলগীয়া এই অধিৱেশনতে বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বাজেট দাখিলৰ দিনটোৰ বিষয়ে বিত্ত বিভাগে সুকীয়াকৈ অৱগত কৰিব। বাজেট অধিৱেশনৰ পাছত আগষ্টৰ পৰা চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহো পুনৰ ৰূপায়ণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।