December 8, 2025 11:29 AM

views 80

প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ত বুৰঞ্জী আৰু ভূগোল বিষয় বাধ্যতামূলক অন্তর্ভুক্তিৰ সিদ্ধান্ত ৰাজ্যিক মন্ত্রীসভাৰ

অসম বিষয়ক জ্ঞানেৰে শিক্ষাৰ্থীৰ উত্তৰণত গুৰুত্ব আৰোপ কৰি ৰাজ্যিক মন্ত্রীসভাই সকলো প্ৰাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্রেণীত বাধ্যতামূলক বিষয় হিচাপে বুৰঞ্জী আৰু ভূগোল বিষয় দুটা অন্তর্ভুক্তিৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্রীয়ে কয় যে অসম চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ উদ্দেশ্যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃ...

November 24, 2025 9:58 AM

views 73

ৰাজ্য চৰকাৰে এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ মাচুল আন ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰিবঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

ৰাজ্য চৰকাৰে এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ মাচুল আন ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ পাছত এখন সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰি কয়, যে ৰাজ্যজুৰি বেচৰকাৰী শিক্ষানুষ্ঠানসমূহৰ মাচুল নিয়ন্ত্ৰণ ব্যৱস্থা শক্তিশালী কৰা আৰু দায়বদ্ধতা বৃদ্ধিৰ উদ্দেশ্যে ৰাজ্যিক মন্ত্রীসভাই অসম বে-চৰকাৰী শিক্ষানুষ্ঠান (ম...

November 14, 2025 12:02 PM

views 85

অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে নেলী কাণ্ডৰ প্রতিবেদন সদনত দাখিলৰ বাবে ৰাজ্যিক মন্ত্রীসভাৰ সিদ্ধান্ত গ্ৰহণ

অহা ২৫ নৱেম্বৰত আৰম্ভ হ'বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে নেলী কাণ্ডৰ প্রতিবেদন সদনত দাখিলৰ বাবে ৰাজ্যিক মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। দিছপুৰৰ লোকসেৱা ভবনত কালি অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে। তেওঁ কয়, যে ১৯৮৩ চনত ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ত্রিভূবন প্রসাদ তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ প্রতিলিপি বিধানসভা অধিৱেশনৰ প্ৰথম দিনটোতে দাখিল কৰা হ'ব। মন্ত্রীসভাই অসম মালা আঁচনিৰ তৃতীয় সংস্কৰণ আৰম্...

October 19, 2025 12:41 PM

views 109

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাত দপ্তৰৰ কিছু সাল-সলনি

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাত দপ্তৰৰ কিছু সাল-সলনি কৰা হৈছে। কালি নতুনকৈ অন্তর্ভুক্ত বি পি এফৰ বিধায়ক চৰণ বড়োক বড়োলেণ্ড কল্যাণ বিভাগৰ লগতে পৰিবহণ বিভাগৰ দায়িত্ব অর্পণ কৰা হৈছে। পূৰ্বে পৰিবহণ বিভাগ যোগেন মহনৰ আৰু বড়োলেণ্ড কল্যাণ বিভাগ উখাও গৌড়া ব্ৰহ্মৰ দায়িত্বত আছিল। সম্প্ৰতি শ্ৰীব্ৰহ্ম ভূমি সংৰক্ষণ, হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ দায়িত্বত থাকিব। মন্ত্ৰী যোগেন মহনৰ পৰিবহণ দপ্তৰ কৰ্তন কৰি নতুনকৈ লোকনিৰ্মাণ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ দায়িত্ব দিয়া হ...

October 17, 2025 12:26 PM

views 91

ৰাসায়নিক কোম্পানী লিমিটেডত ১,২৭২.৯ কোটি টকাৰ ইকুইটি বিনিয়োগত অসম মন্ত্ৰীসভাৰ অনুমোদন

● অসম মন্ত্রীসভাই নামৰূপ সাৰ কাৰখানাৰ এম’নিয়া ইউৰিয়া প্ৰকল্পৰ কাম কৰি থকা আছাম ভেলী সাৰ আৰু ৰাসায়নিক কোম্পানী লিমিটেডত ১,২৭২.৯ কোটি টকাৰ ইকুইটি বিনিয়োগত অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই কথা উল্লেখ কৰে। তেওঁ কয়, যে ১০ হাজাৰ ৬০১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই এম’নিয়া ইউৰিয়া প্ৰকল্পত বছৰি ১২ লাখ ৭ হাজাৰ মেট্রিকটন ইউৰিয়া সাৰ উৎপাদন হ’ব। তদুপৰি এই প্ৰকল্পই ৪৬০ গৰাকী স্থায়ী আৰু এহেজাৰ ৫০০ গৰাকী অস্থা...

October 7, 2025 12:52 PM

views 99

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

● মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেন্সন আঁচনি প্ৰৱৰ্তনত অনুমোদন জনোৱা হয়। সেৱা কাল সম্পূৰ্ণ হোৱা আৰু স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে পেন্সনৰ ধন লাভ কৰিব৷ মন্ত্ৰীসভাৰ বৈঠকত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আৰু চৰাঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক পাঁচ বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটৱ...

September 21, 2025 9:28 PM

views 97

অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে ছপা কৰাৰ সিদ্ধান্ত

শাৰদীয় দূৰ্গা পূজা উপলক্ষে ৰাজ্য চৰকাৰে অসম চাহ নিগমৰ শ্রমিক কৰ্মচাৰীসকলক ২০ শতাংশ বোনাচ প্ৰদান কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্রীসভাই আজি অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে ছপা কৰাৰ সিদ্ধান্তত অনুমোদন জনায়। পৰীক্ষাৰ ক্ষেত্ৰত থকা ভাষাৰ অসুবিধা দূৰ কৰাৰ বাবে বিশেষকৈ গ্রামাঞ্চল তথা অতি পিছপৰা অঞ্চলৰ প্ৰাৰ্থীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ...

September 10, 2025 11:51 AM

views 50

অসম কৃষিজাত উৎপাদন আৰু বিপণন আইন ২০২৫ৰ সংশোধনত অসম মন্ত্ৰীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই কালি ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বজাৰৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ বাবে অসম কৃষিজাত উৎপাদন আৰু বিপণন আইন ২০২৫ৰ সংশোধনত অনুমোদন জনাইছে। ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ দিয়াৰ বাবেও কেবিনেটে অনুমোদন দিছে। একেদৰে হিমাচল প্ৰদেশৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা ক্ষেত্ৰতো কেবিনেটে অনুমোদন জনাইছে।

August 28, 2025 1:18 PM

views 69

ভূমি ক্রয়-বিক্ৰীৰ নতুন বিশেষ কার্যবিধিত অসম মন্ত্রীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই আন্তঃধর্মীয় ভূমি ক্রয়-বিক্ৰীৰ নতুন বিশেষ কার্যবিধি অর্থাৎ এছ অ’ পিত অনুমোদন জনাইছে। কালি বিয়লি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত তেওঁ এইকথা প্ৰকাশ কৰে। ড° শৰ্মাই কয়, যে দুটা ভিন্ন ধৰ্মৰ ব্যক্তিৰ মাজত ভূমি হস্তান্তৰকৰণৰ ক্ষেত্ৰত চৰকাৰৰ বিশেষ অনুমোদনৰ প্ৰয়োজন হ'ব বুলি ইতিমধ্যে লোৱা সিদ্ধান্ত কাৰ্যকৰীকৰণ কৰা হৈছে। এতিয়াৰে পৰা অন্য ধৰ্মৰ লোকক ভূমি ক্রয়-বিক্ৰী কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ অনুমোদনৰ প্ৰয়োজন হ'ব। তেওঁ লগত...

July 31, 2025 8:03 PM

views 66

অভিযন্তা জ্যোশিতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আইলৈ হস্তান্তৰত ৰাজ্যিক মন্ত্রীসভাৰ অনুমোদন

বঙাইগাঁও সংমণ্ডলৰ লোকনিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা জ্যোশিতা দাসৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাৰ তদন্ত চি বি আইলৈ হস্তান্তৰ কৰাত ৰাজ্যিক মন্ত্রীসভাই অনুমোদন জনাইছে। লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদ মেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে এই ঘটনাৰ তদন্তৰ বাবে এটা সাতজনীয়া বিশেষ তদন্তকাৰী গোট গঠন কৰা হৈছিল আৰু ঘটনাস্থলী ভিডিঅত আবদ্ধ কৰাৰ লগতে ফৰেনচিক দল আৰু অপৰাধ অনুসন্ধানকাৰী দলে পৰীক্ষা কৰিছিল। মন্ত্রীসভাই আজি মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা আঁচনিৰ...