July 30, 2025 8:41 PM

views 62

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিকাচ কমিটিৰ এটা ৭ জনীয়া দলৰ আজি ধেমাজি জিলা ভ্রমণ

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিকাচ কমিটিৰ এটা ৭ জনীয়া দলে আজি ধেমাজি জিলা ভ্রমণ কৰি জিলাখনৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। বিধায়ক নুৰুল হুদাৰ নেতৃত্বৰ দলটোৱে ধেমাজি উন্নয়ন খণ্ডত প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা, কৃষি উন্নয়ন আঁচনি, অট্টালিকা নির্মাণ প্রকল্পকে ধৰি বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে। তেওঁলোকে এই উন্নয়নমূলক কাম-কাজসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে।

July 18, 2025 8:00 PM

views 62

ডিব্ৰুগড়ত শিক্ষকৰ আবাসগৃহ আৰু ছাত্রাবাস নিৰ্মাণৰ প্ৰকল্পত অসম মন্ত্ৰীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ৩৫৭ কোটি টকা ব্যয় সাপেক্ষে শিক্ষকৰ আবাসগৃহ আৰু ছাত্রাবাস নিৰ্মাণৰ প্ৰকল্পত অনুমোদন জনাইছে। ৮৫ হাজাৰ ৫০৯ বৰ্গ মিটাৰ এলেকাজুৰি নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পৰ জৰিয়তে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অতিৰিক্ত সুবিধা প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই প্ৰকল্পৰ অধীনত অধ্যক্ষ, উপাধ্যক্ষ, অধ্যাপক, তৃতীয়বর্গৰ কৰ্মচাৰী তথা নাৰ্ছসকলৰ আবাস গৃহ, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ছাত্রাবাস আৰু ছাত্ৰী ...

July 11, 2025 11:11 AM

views 63

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

● মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি হাতী-মানুহৰ সংঘাত হোৱা আঠখন জিলা ক্ৰমে গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা, শোণিতপুৰ, গোলাঘাট, যোৰহাট আৰু বিশ্বনাথত গজমিত্ৰ আঁচনি ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ অধীনত প্ৰভাৱিত গাঁওসমূহত সম্প্রদায় ভিত্তিত স্বেচ্ছাসেৱী নিৰীক্ষণ আৰু দ্ৰুত সঁহাৰি গোট গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। এই গোটসমূহ আঠজনীয়া হ'ব। ইয়াৰ উপৰি বনৰীয়া হাতীয়ে যাতে পৰ্যাপ্ত খাদ্য...

June 4, 2025 7:57 PM

views 86

অসম মন্ত্রীসভাত ডিমা হাচাওৰ পাঁচটা পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত

অসম মন্ত্রীসভাই আজি ডিমা হাচাও জিলাৰ পাঁচটা পথ ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে। ১৭৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পাঁচটা পথক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীত কৰাৰ কাম বান পৰিস্থিতি সুস্থিৰ হোৱাৰ পাছতে আৰম্ভ কৰা হ'ব। আজি দিছপুৰ অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। ইয়াৰ বাবে ৩ হাজাৰ ৮৭৫ কোটি টকাৰ অনুমোদন দিয়া হৈছে আৰু ৮০ শতাংশ ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। বৈঠকত কনকলতা বিশ্ববিদ্যালয়ৰ ৪০০ কোটি টকা ব্যয় অনুমোদন জনোৱা হৈছে। বিশ্ববিদ্যালয়ৰ ন...

May 29, 2025 12:31 PM

views 67

অসম মন্ত্রীসভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

অসম মন্ত্রীসভাই ৰাজ্যৰ দুৰ্গম আৰু বিপদসংকুল অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তাৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিবলৈ সিদ্ধান্ত লৈছে। কালি মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত দিছপুৰত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে বিভিন্ন জিলাৰ আয়ুক্তসকলে দুর্গম আৰু বিপদসংকুল স্থানসমূহ চিনাক্ত কৰিব। অৱশ্যে পূৰ্বতে কৰা অপৰাধৰ তথ্য থকা লোকে এনেধৰণৰ অনুজ্ঞা পত্ৰ লাভ নকৰিব। তেওঁ কয়, যে নগাঁও, ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, দৰং আদি জিলাৰ দুৰ্গম আৰু বিপদসংকুল অঞ্চল...

April 13, 2025 12:27 PM

views 53

ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপনৰ বাবে অসম চৰকাৰৰ বিশেষ পৰিকল্পনা

ৰাজ্য চৰকাৰে বিশ্ব বৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপনৰ বাবে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে। কালি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে গ্রহণ কৰা সিদ্ধান্তৰ কথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত প্ৰকাশ কৰে। শিল্পীগৰাকীৰ জন্ম শতবার্ষিকীৰ উদ্যাপনৰ বছৰযোৰা কাৰ্যসূচীৰ অহা ৮ ছেপ্তেম্বৰত আৰম্ভ কৰাৰ বিষয়েও কালি মন্ত্রীসভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই অনুসৰি ৰাজ্য চৰকাৰে ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী নিয়াৰিকৈ পালন কৰিবলৈ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন ৫০ জনীয়া কমিটি গঠনৰ স...

April 13, 2025 11:34 AM

views 69

ৰাজ্যত নতুনকৈ ১০ খন সমজিলা গঠনৰ বাবে মন্ত্রীসভাৰ সিদ্ধান্ত

ৰাজ্যত নতুনকৈ ১০ খন সমজিলা গঠনৰ বাবে কালি মন্ত্রীসভাই সিদ্ধান্ত গ্রহণ কৰে। কামৰূপ জিলাৰ বকো আৰু পলাশবাৰী, শোণিতপুৰৰ বৰছলা আৰু ৰঙাপাৰা, তিনিচুকীয়াৰ মাকুম আৰু ডিগবৈ, যোৰহাটৰ টিয়ক আৰু মৰিয়নি, কাছাৰৰ ধলাই আৰু গোৱালপাৰাৰ দুধনৈত এই সমজিলাকেইখন গঠন কৰা হ'ব। অসম মন্ত্রীসভাৰ কালি দিশপুৰত অনুষ্ঠিত বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত নির্মীয়মান অৱস্থাত থকা ৭ খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য এইবছৰতে দ্রুত গতিত আগবঢ়াই নিয়াৰ বাবে মন...

April 5, 2025 12:17 PM

views 67

সকলো চৰকাৰী জাননী, নিৰ্দেশনা, অধিসূচনা আদি ইংৰাজী ভাষাৰ উপৰি অসমীয়া ভাষাত প্ৰকাশ কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে পহিলা ব'হাগৰ পৰা সকলো চৰকাৰী জাননী, নিৰ্দেশনা, অধিসূচনা আদি ইংৰাজী ভাষাৰ উপৰি অসমীয়া ভাষাত প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে বৰাক উপত্যকাত বাংলা আৰু বিটিআৰত বড়ো ভাষাত অতিৰিক্তভাৱে প্ৰকাশ কৰা হ'ব। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত লোৱা হয়। মন্ত্ৰীসভাৰ বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনভোগীসকলৰ বাবে যোৱা ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ বৃদ্ধি কৰাৰ বাবে অসম চৰকাৰ...

March 20, 2025 10:55 AM

views 64

মুখ্যমন্ত্রীৰ অধ্যক্ষতাত ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ডিব্ৰুগড়ত আজি অসম মন্ত্ৰীসভাৰ বৈঠকৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত দ্বিতীয়বাৰৰ বাবে বৈঠক হ'ব। বিয়লি ৪ বজাৰ পৰা হ'বলগীয়া বৈঠকে ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ে সামৰি ল'ব। বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিয়লি ডিব্ৰুগড়ত উপস্থিত হ'ব। এই ভ্ৰমণকালত তেওঁ উজনি অসমৰ কেইবাখনো সমজিলাৰ লগতে সমষ্টি পৰ্যায়ৰ চৰকাৰী উন্নয়নমূলক কাম-কাজৰো পৰ্যালোচনা কৰিব।

March 4, 2025 7:48 PM

views 52

প্ৰাক্তন আই আই টিয়ানৰ সহযোগত অসমত ১০ টা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-আই আই টিৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সৰ্বভাৰতীয় সংগঠনৰ সহযোগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ তত্বাৱধানত অসমত যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ বাবে ১০ টা দক্ষতা কেন্দ্ৰ স্থাপন কৰা হ'ব। ৯০ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পৰ ১০ শতাংশ ৰাজ্য চৰকাৰে আৰু বাকী অংশ আই আই টিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সংগঠনে বহন কৰিব। দক্ষতা বিকাশৰ পাঠ্যক্ৰম গ্ৰহণ কৰা যুৱক-যুৱতীসকলৰ কর্মসংস্থাপন দিয়াৰ ব্যৱস্থাও আই আই টিৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এই সংগঠনে গ্রহণ কৰিব। আজি বিয়লি দিশপুৰত অনুষ্ঠিত ৰাজ্য মন...