■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ডিব্ৰুগড়ত আজি অসম মন্ত্ৰীসভাৰ বৈঠকৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড়ৰ মাইজানৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত দ্বিতীয়বাৰৰ বাবে বৈঠক হ’ব। বিয়লি ৪ বজাৰ পৰা হ’বলগীয়া বৈঠকে ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ে সামৰি ল’ব। বৈঠকত অংশ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিয়লি ডিব্ৰুগড়ত উপস্থিত হ’ব। এই ভ্ৰমণকালত তেওঁ উজনি অসমৰ কেইবাখনো সমজিলাৰ লগতে সমষ্টি পৰ্যায়ৰ চৰকাৰী উন্নয়নমূলক কাম-কাজৰো পৰ্যালোচনা কৰিব।
Assamese | March 20, 2025 10:55 AM | Akashvani | assam cabinet | CMO Assam | Dibrugrah
মুখ্যমন্ত্রীৰ অধ্যক্ষতাত ডিব্ৰুগড়ত অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক