ৰাজ্যত নতুনকৈ ১০ খন সমজিলা গঠনৰ বাবে কালি মন্ত্রীসভাই সিদ্ধান্ত গ্রহণ কৰে। কামৰূপ জিলাৰ বকো আৰু পলাশবাৰী, শোণিতপুৰৰ বৰছলা আৰু ৰঙাপাৰা, তিনিচুকীয়াৰ মাকুম আৰু ডিগবৈ, যোৰহাটৰ টিয়ক আৰু মৰিয়নি, কাছাৰৰ ধলাই আৰু গোৱালপাৰাৰ দুধনৈত এই সমজিলাকেইখন গঠন কৰা হ’ব। অসম মন্ত্রীসভাৰ কালি দিশপুৰত অনুষ্ঠিত বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত নির্মীয়মান অৱস্থাত থকা ৭ খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য এইবছৰতে দ্রুত গতিত আগবঢ়াই নিয়াৰ বাবে মন্ত্রীসভাই আঢ়ৈ শ কোটি টকাৰ অনুমোদন জনাইছে। ইতিমধ্যে এই চিকিৎসালয়কেইখন নিৰ্মাণৰ বাবে ২,৫০০ কোটি টকা ব্যয় কৰা হৈছে বুলি তেওঁ কয়। ডিব্ৰুগড়, যোৰহাট, বোকাখাট আৰু বজালীত ৰাজ্য চৰকাৰে গঠন কৰা দুগ্ধ উৎপাদন কেন্দ্ৰকেইটাৰ পৰিচালনাৰ দায়িত্ব নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেডক অৰ্পন কৰাৰ বাবে মন্ত্রীসভাই সিদ্ধান্ত লৈছে।
Assamese | April 13, 2025 11:34 AM | assam cabinet
ৰাজ্যত নতুনকৈ ১০ খন সমজিলা গঠনৰ বাবে মন্ত্রীসভাৰ সিদ্ধান্ত