শাৰদীয় দূৰ্গা পূজা উপলক্ষে ৰাজ্য চৰকাৰে অসম চাহ নিগমৰ শ্রমিক কৰ্মচাৰীসকলক ২০ শতাংশ বোনাচ প্ৰদান কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্রীসভাই আজি অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে ছপা কৰাৰ সিদ্ধান্তত অনুমোদন জনায়। পৰীক্ষাৰ ক্ষেত্ৰত থকা ভাষাৰ অসুবিধা দূৰ কৰাৰ বাবে বিশেষকৈ গ্রামাঞ্চল তথা অতি পিছপৰা অঞ্চলৰ প্ৰাৰ্থীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। গুৱাহাটীৰ খানাপাৰাত ৫ হাজাৰ আসনযুক্ত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ প্ৰকল্পৰ কাৰ্যকৰীকৰণতো মন্ত্রীসভাই অনুমোদন জনায়।
Assamese | September 21, 2025 9:28 PM | assam cabinet
অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে ছপা কৰাৰ সিদ্ধান্ত