November 16, 2024 6:54 PM

views 33

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামলৰ ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনৰ নিয়ন্ত্রণাধীন বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে পৰ্যালোচনা বৈঠক

ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামলে আজি ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনৰ নিয়ন্ত্রণাধীন বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। পৰিষদৰ সচিবালয়ৰ প্ৰধান সচিবৰ সভাগৃহত অনুষ্ঠিত এই বৈঠকত প্রধান সচিব থাই টিচ’ ডাওলাগাপু উপস্থিত থকাৰ লগতে পৰিষদৰ আন আন সচিব তথা বিষয়াসকল উপস্থিত থাকে। এই বৈঠকত বিভিন্ন বিভাগৰ কাম- কাজসমূহৰ লগতে আঁচনিসমূহ ৰূপায়নৰ অগ্ৰগতিৰ বিষয়ে বুজ লোৱা হয়। পৰিষদে গ্ৰহণ কৰা আঁচনিসমূহৰ কামৰ অগ্ৰগতি সম্পর্কে বুজ লোৱাৰ বাবে অতিৰিক্ত মুখ্য স...

November 14, 2024 12:20 PM

views 50

অসম বিশ্ববিদ্যালয় ডিফুৰ ৰাজনীতি বিভাগৰ সহযোগত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু অসম বিশ্ববিদ্যালয় ডিফুৰ ৰাজনীতি বিভাগৰ সহযোগত দুদিনীয়াকৈ আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ কালি সন্ধিয়া সামৰণি পৰে। ছিকিমৰ বিশিষ্ট পৰিৱেশকর্মী ছ'নাম বাংচুকে উদ্বোধন কৰা এই আলোচনাচক্ৰত ষষ্ঠ অনুসূচী সম্পর্কে বহুলভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে ষষ্ঠ অনুসূচী সম্পূৰ্ণ হোৱা উপলক্ষে ৭৫ সংখ্যক এই ৰাষ্ট্ৰীয় আলোচনাচক্ৰখনৰ আয়োজন কৰা হৈছিল। উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অহা বিশিষ্ট শিক্ষাবিদ আৰু অধ্যাপকসকলে ষষ্ঠ অনুসূচী সন্দৰ...

November 14, 2024 11:55 AM

views 48

বিদ্যালয় পৰ্যায়ত খালী হৈ থকা ১৫,২৬৫টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ শিক্ষা বিভাগৰ

ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় পৰ্যায়ত খালী হৈ থকা ১৫ হাজাৰ ২৬৫টা শিক্ষক পদ পূৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ২০২৩ চনৰ ডিচেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ হোৱা ৫ হাজাৰ ৫৫০টা প্রাথমিক শিক্ষক পদ পূৰণৰ বাবে প্ৰাৰ্থী বাছনি প্রক্রিয়া সম্পন্ন কৰাৰ পাছত মাধ্যমিক পৰ্যায়ত শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ শিক্ষা বিভাগে ৯ হাজাৰ ৭১৭টা পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে মাধ্যমিক স্তৰত চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ত স্নাতকোত্তৰ আৰু স্নাতক শিক্ষকৰ পদত নিযুক্তিৰ বাবে আবেদনৰ সময় বৃদ্ধি কৰিছে। ...

November 14, 2024 11:52 AM

views 63

যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন

যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠকখন কালি অনুষ্ঠিত হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। সভাত কৃষি, মীন, জলসম্পদ, লোকনিৰ্মাণ, পৰিবহণ, শক্তি, খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী, শ্রম, পশুপালন, জলসিঞ্চন, আবকাৰী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভিন্ন বিভাগৰ কাম-কাজৰ বিষয়ে জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ মুৰব্বী বিষয়াসকলৰ লগত বিতংভাৱে আলোচনা কৰে। তদুপৰি বিভাগীয়...

November 14, 2024 9:29 AM

views 28

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষৰ সকলো কোচিং প্রতিষ্ঠানলৈ নীতি-নিৰ্দেশনা

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰি কৈছে যে অভিভাৱক আৰু প্ৰশিক্ষাৰ্থীক বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সকলো কোচিং প্রতিষ্ঠানে নিজৰ ছাত্ৰ-ছাত্ৰী আৰু পাঠ্যক্ৰমৰ সবিশেষ তথ্য প্ৰকাশ কৰিব লাগিব। বিভিন্ন কোচিং ইনষ্টিটিউটে ব্যৱহাৰ কৰা বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বিৰুদ্ধে নতুন দিল্লীত গ্রাহক পৰিক্ৰমা সচিব নিধি খাৰে এই নীতি-নিৰ্দেশনা জাৰি কৰে।

November 12, 2024 2:33 PM

views 49

দেশজুৰি আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন

সমগ্ৰ দেশত আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। মহাত্মা গান্ধীয়ে ১৯৪৭ চনত প্ৰথম আৰু শেষবাৰৰ বাবে আকাশবাণীৰ ষ্টুডিঅ’ পৰিদৰ্শন কৰাৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। সিদিনাখন জাতিৰ পিতা মহাত্মা গান্ধীয়ে আকাশবাণীৰ জৰিয়তে দেশ বিভাজনৰ পাছত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অস্থায়ীভাৱে বসতি স্থাপন কৰা শৰণাৰ্থীসকলক সম্বোধন কৰিছিল। এই উপলক্ষে আজি আকাশবাণী দিল্লী কেন্দ্ৰৰ চৌহদত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইপিনে, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন ...

November 12, 2024 2:29 PM

views 46

গুৱাহাটীত পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি কেন্দ্রীয় মন্ত্রী চি আৰ পাৰ্টিলৰ

কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলে আজি গুৱাহাটীত ব্ৰহ্মপুত্র বোর্ডে আয়োজন কৰা পানীৰ উৎসৰ ব্যৱস্থাপনা সম্পৰ্কীয় দুদিনীয়া কৰ্মশালা মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বান নিয়ন্ত্ৰণ আৰু নদী ব্যৱস্থাপনা সম্পৰ্কত নীতি আৰু কৌশলসমূহ উন্নত কৰি তোলা বিষয়ক লৈ আলোচনা কৰে। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে।

November 12, 2024 1:13 PM

views 37

বিশিষ্ট নাট্যকাৰ, পৰিচালক ঋতুপর্ণ দাসৰ কুৰুক্ষেত্ৰ শীৰ্ষক নাটখন ভাৰতৰ ২২ টা আঞ্চলিক ভাষালৈ অনুদিত

বিশিষ্ট নাট্যকাৰ, পৰিচালক ঋতুপর্ণ দাসৰ কুৰুক্ষেত্ৰ শীৰ্ষক নাটখন ভাৰতৰ ২২ টা আঞ্চলিক ভাষালৈ অনুদিত হৈছে। নাটখন আকাশবাণীৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানত অহা ১৭ নৱেম্বৰৰ নিশা ৯.৩০ বজাত নতুন দিল্লীৰ পৰা হিন্দীত আৰু দেশৰ ৫৯১ টা আকাশবাণী কেন্দ্ৰৰ পৰা অন্যান্য ২১ টা আঞ্চলিক ভাষাত একে সময়তে সম্প্ৰচাৰ হ’ব।

November 12, 2024 9:15 AM

views 37

আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস

আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস। এই উপলক্ষে কালি গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ চৌহদত থকা উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী আৰু দূৰদৰ্শনৰ অতিৰিক্ত সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে উত্তৰ-পূৰ্বাঞ্চলৰ আকাশবাণী কেন্দ্ৰসমূহে প্ৰচাৰ কৰা অনুষ্ঠানসমূহৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি বঁটা প্ৰদান কৰা হয়। আকাশবাণী ডিব্ৰুগড় কেন্দ্রই প্রথম স্থান লাভ কৰাৰ লগতে আকাশবাণী ইম্ফলে দ্বিতীয় আৰু পাছিঘাটে তৃতীয় স্থান অৰ্জন কৰে। আকাশবাণী কেন্দ্ৰসমূহৰ অনুষ্ঠান কাৰ্যবাহী আৰু অন্যা...

November 12, 2024 9:07 AM

views 42

ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতা সম্পন্ন পর্যালোচনা সমিতিৰ ত্ৰয়োদশ বৈঠক আজি অনুষ্ঠিত হ’ব

  ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতা সম্পন্ন পর্যালোচনা সমিতিৰ ত্ৰয়োদশ বৈঠক গুৱাহাটীত কেন্দ্ৰীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বান নিয়ন্ত্ৰণ আৰু নদী ব্যৱস্থাপনা সম্পৰ্কত নীতি আৰু কৌশলসমূহ উন্নত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰিব।